আমগুৰি,22 এপ্ৰিল : লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক মঙলবাৰে মাজনিশা বন্দুকধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰাৰ পাচতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ অৰুণাচলস্থিত কুইপ’ৰ কাৰ্যালয়ৰ পৰা দুগৰাকী বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ অ’এনজিচিত কৰ্মৰত তিনিজন বিষয়াক কোনো অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰাৰ পাচতে তীব্ৰতৰ হৈছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া ।
বৃহস্পতিবাৰে এই অপহৰণ ঘটনাৰ লগত জৰিত থকাৰ সন্দেহত আমগুৰি আৰক্ষীয়ে আটক কৰিছে ৰাজেন চুতীয়া নামৰ এজন ব্যক্তিক ৷ নামতি কহাৰ গাঁৱৰ লোকজনক নিশা আমগুৰি আৰক্ষীয়ে সোধ-পোছৰ কাৰণে আটক কৰা বুলি প্ৰকাশ কৰিছে ৷ কিয়নো আটকাধীন ব্যক্তিগৰাকীৰ ভাতৃ ৰঞ্জীত চুতীয়া প্ৰায় 20 বছৰ আগৰ পৰাই আলফা(স্বা)ত আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷
অৱশ্যে আৰক্ষীয়ে ৰাজেন চুতীয়াক কি কাৰণত আটক কৰিছে সেই বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰা নাই বুলি পৰিয়ালৰ লোকে জানিব দিছে ৷ সম্প্ৰতি আমগুৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই যদিও আটকাধীন ব্যক্তিজনক শিৱসাগৰলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: মোৰ স্বামীক ঘূৰাই দিয়ক : কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ