ETV Bharat / state

শিৱসাগৰৰ যুৱ উদ্ভাৱক য়াচমিনলৈ সম্বৰ্ধনা - ঐক্য সেনা অসম

শিৱসাগৰৰ লাকুৱাৰ ধনেখনা গাঁৱৰ এগৰাকী যুৱ উদ্ভাৱক(Youth Inventor) ৷ বিশেষভাৱে সক্ষম ব্যক্তি(Specially Abled Person)সকলৰ বাবে যুৱ উদ্ভাৱকগৰাকীয়ে উদ্ভাৱন কৰি উলিয়াইছে এখন বিশেষ হুইল চেয়াৰ(Wheelchair) ৷ যুৱ উদ্ভাৱকগৰাকীৰ বিষয়ে অধিক জানিবলৈ সবিশেষ পঢ়ক...

felicitated-youth-inventor-of-sivasagar
যুৱ উদ্ভাৱকলৈ সন্মান
author img

By

Published : Sep 27, 2021, 7:15 AM IST

শিৱসাগৰ, 27 ছেপ্তেম্বৰ : শিৱসাগৰ জিলাৰ লাকুৱাৰ টিপমীয়া ধনেখনা গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী তথা যুৱ উদ্ভাৱক(Youth Inventor) ৷ মেধাৱী ছাত্ৰী য়াচমিন আহমেদে(Yasmin Ahmed) বিশেষভাৱে সক্ষম ব্যক্তি(Specially Abled Person)সকলৰ বাবে নিজৰ উদ্ভাৱনী শক্তিৰে প্ৰস্তুত কৰি উলিওৱা এখন বিশেষ হুইল চেয়াৰ(Wheelchair)ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাবলৈ সক্ষম হৈছে ৷

ইতিমধ্যে ভাৰতৰ যুৱ বিজ্ঞানীৰ শিতানত শীৰ্ষ স্থান লাভ কৰি ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হৈছে এইগৰাকী য়াচমিন আহমেদ । বহু মেধা সম্পন্ন য়াচমিন লাকুৱাৰ চ্যুকাফা একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী । সৰুৰে পৰা মেধা সম্পন্ন ছাত্ৰীগৰাকীয়ে 2019 চনত ‘Inspire Award Manak’ প্ৰতিযোগিতাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল ৷

যুৱ উদ্ভাৱকলৈ সন্মান

শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা সম্পন্ন যুৱ বিজ্ঞানীৰ প্ৰতিযোগিতাত বিশেষভাৱে সক্ষম লোকৰ বাবে ‘Improvised Climbing Wheelchair’ উদ্ভাৱন কৰি ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় এইগৰাকী যুৱ বিজ্ঞানীয়ে । আগন্তুক 10 অক্টোবৰত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা অনুষ্ঠান ৰাষ্ট্ৰপতিয়ে যুৱ বিজ্ঞানী য়াচমিনক প্ৰদান কৰিব এই সন্মান ।

উল্লেখ্য যে, 2017 চনত পিতৃ নেকি আহমেদৰ মৃত্যুৰ পাচত য়াচমিনক অতি কষ্টেৰে চোৱা-চিতা কৰিছে মাতৃ জাহানাৰা বেগমে ৷ বৰ্তমানৈকে বিধৱাসকলৰ বাবে চৰকাৰে আগবঢ়োৱা আঁচনিৰ কোনো সুবিধা লাভ কৰা নাই জাহানাৰাই ৷ য়াচমিনে জনোৱা মতে, ভৱিষ্যতে তেওঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত আন ন ন উদ্ভাৱনৰ আশা পুহি ৰাখিছে ৷

ইফালে দেওবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত ঐক্য সেনা অসম(Oikyo Sena Asom)ৰ উদ্যোগত যুৱ বিজ্ঞানীগৰাকীক জাপি, ফুলাম গামোচা, চেলেং চাদৰ আৰু সম্বর্ধনা পত্ৰৰে সম্ভাষণ জনোৱা হয় । এই সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে ঐক্য সেনা অসমৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই ৷ লগতে উপস্থিত থাকে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, জিলা সভাপতি বাবলু বেনেট, কেন্দ্ৰীয় উপ সভাপতি মইনা দে আৰু বহু বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : ধনৰ ধাৰে নিঃশেষ কৰিলে এটা পৰিয়াল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.