ETV Bharat / state

আলফাৰ সৈতে সাম্ভাব্য শান্তি চুক্তি: মুখ্যমন্ত্ৰীক শুভেচ্ছা এন পি পি অসমৰ - মুখ্যমন্ত্ৰীক শুভেচ্ছা এন পি পি অসমৰ

আলফাৰ লগত স্থায়ী শান্তি আলোচনাৰ ইতিবাচক উদ্যোগত নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাৰ শুভেচ্ছা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ শিৱসাগৰ সমষ্টিৰ নতুন বিধায়ক অখিল গগৈলৈয়ো বিশেষভাৱে অভিনন্দন জ্ঞাপন নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাৰ ৷

আলফাৰ সৈতে সাম্ভাব্য শান্তি চুক্তি: মুখ্যমন্ত্ৰীক শুভেচ্ছা এন পি পি অসমৰ

author img

By

Published : May 24, 2021, 7:47 AM IST

আমগুৰি,24 মে’: আলফাৰ লগত স্থায়ী শান্তি আলোচনাৰ ইতিবাচক দিশৰ বাবে নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাই ৰাজ্যৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰে ৷ দেওবাৰে নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাৰ তত্বাৱধায়ক বিশ্বজিৎ বৰুৱাই প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে এই কথা ৷

এই প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি, এক দীঘলীয়া সময়ৰ অন্তত আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শান্তি আলোচনাৰ বাতাৱৰণ সৃষ্টিৰ বাবে জনোৱা উদগনিৰ হেতুকে মুখ্যমন্ত্ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাই ৷

আলফাৰ সৈতে সাম্ভাব্য শান্তি চুক্তি: মুখ্যমন্ত্ৰীক শুভেচ্ছা এন পি পি অসমৰ
আলফাৰ সৈতে সাম্ভাব্য শান্তি চুক্তি: মুখ্যমন্ত্ৰীক শুভেচ্ছা এন পি পি অসমৰ

আনহাতে, নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাই এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কা’ বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বিগত এবছৰে কাৰাবন্দী হৈ থকা শিৱসাগৰ সমষ্টিৰ নতুন বিধায়ক অখিল গগৈকো বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে ।

ইফালে ক’ভিডৰ প্ৰতিষেধক প্ৰত্যেকজন নাগৰিককে বিনামূলীয়াকৈ প্ৰদান কৰা, এই মহামাৰীৰ সময়চোৱাত জনতাক হাৰাশাস্তি নকৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা, ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰম গ্ৰহণযোগ্য কৰি তোলা, বাৰিষাৰ পূৰ্বে মথাউৰীৰ কাম সম্পন্ন কৰিবলৈ চৰকাৰক আহ্বান জনাই নেচনেল পিপলচ পাৰ্টিৰ অসম শাখাই ।

লগতে পঢ়ক: কৰ’ণাৰ মাজতে লাইকা-দধীয়াবাসীৰ সন্মুখত পুনৰ আন এক প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.