ETV Bharat / state

কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক’ভিড নীতি !

author img

By

Published : Apr 28, 2021, 9:59 PM IST

শিৱসাগৰ জিলাৰ কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰকাৰে জাৰি কৰা ক'ভিড প্ৰট'কল ভেঙুচালিত পৰিনত হৈছে ৷ ভেকচিন ল'বলৈ অহা লোকসকলৰ মাজত নাই কোনো সামাজিক দূৰত্ব ৷ নিৰ্দিষ্ট সময়ত কাৰ্যালয়লৈ স্বাস্থ্য বিষয়া নহাৰ পৰিপেক্ষিতত এনে অশৃংখল পৰিস্থিতিৰ সূচনা হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

no-social-distance-in-kalogaon-primary-health-centre
কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক’ভিড নীতি !

আমগুৰি,২৮ এপ্ৰিল : শিৱসাগৰ জিলাৰ কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সৃষ্টি হৈছে এক অৰাজক পৰিস্থিতিৰ । নিৰ্দিষ্ট সময়ত কাৰ্যালয়লৈ স্বাস্থ্য বিষয়া নহাৰো অভিযোগ । স্বাস্থ্য বিষয়াৰ হেমাহিৰ বাবেই নিৰ্দিষ্ট সময়ত কৰ’ণা ভেকচিন লাভ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । যি সময়ত কৰ'ণা ভাইৰাচে ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিছে, সেই সময়তে শিৱসাগৰ জিলাৰ কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰকাৰে জাৰি কৰা ক'ভিড প্ৰট'কল একপ্ৰকাৰ ভেঙুচালিত পৰিণত হৈছে । ক'ভিডৰ নীতি-নিৰ্দেশনাৰ দ্বাৰা চৰকাৰে বাৰম্বাৰ ৰাইজক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । সামাজিক দূৰত্ব, মাস্ক ব্যৱহাৰ কৰি কৰ'ণা প্ৰতিহত কৰিবলৈ জনসাধাৰণক আহ্বান জনাই আহিছে ।

কিন্তু কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দেখা গৈছে ইয়াৰ বিপৰীত দৃশ্য । কৰ'ণাৰ ভেকচিন ল'বলৈ অপেক্ষাৰত লোকসকলৰ মাজত নাই কোনো সামাজিক দূৰত্ব ৷ কৰ'ণা ভেকচিন ল'বলৈ আহি যেন এক প্ৰকাৰ কৰ'ণাক নিমন্ত্ৰণহে কৰিছে এইসকল সভ্য সমাজৰ শিক্ষিত নাগৰিকে । তদুপৰি স্বাস্থ্য কেন্দ্ৰটোৰ দায়িত্বত থকা মহকুমা স্বাস্থ্য বিষয়াগৰাকীৰ বিৰুদ্ধেও উঠিছে কেতবোৰ গুৰুতৰ অভিযোগ । নিৰ্দিষ্ট সময়ত কাৰ্যালয়ত উপস্থিত নোহোৱাত এইদৰেই অশৃংখলাবদ্ধ পৰিস্থিতিৰ সূচনা হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে ।

লগতে পঢ়ক :ৰাজ্যত বৃহৎ প্ৰাবল্যৰ ভুমিকম্পৰ জোকাৰণি: আতংকিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.