নাজিৰা,9 আগষ্টঃ গাঁৱে-ভূঞে মহিলাৰ মুখে মুখে অত্যন্ত প্ৰচলিত শব্দটোৱে হৈছে বন্ধন ৷ কাৰণ এই মহিলাসকলৰ বাবে সহজ ঋণৰ ব্যৱস্থা হৈছে বন্ধন গোট ৷ এতিয়া এই বন্ধন গোটেই কাল হৈছে বহুজনৰ বাবে ৷ বন্ধন গোটৰ ঋণৰ বোজা সহিব নোৱাৰি বহুজনে বাচি লৈছে আত্মহত্যাৰ পথ ৷ ঋণৰ বোজা সহিব নোৱাৰি সোণাৰীত এটা পৰিয়ালে আত্মহত্যাৰ পথ বাচি লোৱা ঘটনাৰ শোক মাৰ নাযাওঁতেই পুনৰ নাজিৰাত সংঘটিত হ'ল আত্মহত্যাৰ ঘটনা ৷ নাজিৰাৰ কপহুৱাত শুকুৰবাৰে পুৱাই এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে,বিগত সময়চোৱাত অঞ্চলটোৰ আন মহিলাসকলৰ সৈতে কুসুম নামৰ এটা গোট খুলি বন্ধন বেংকৰ পৰা ঋণ লৈছিল মহিলা গৰাকীয়ে।
আৰ্থিক দৈন্যতাত ভুগি ঋণ সমূহ ওভতাই দিব নোৱাৰি শুকুৰবাৰে পুৱাই নিজ গৃহৰ পিচফালে জংঘলত চিপ লৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় মমী বৰুৱা নামৰ মহিলা গৰাকীয়ে ৷ সপ্তাহৰ কিস্তি ধন ১০৪০ টকা যোগাৰ কৰিব নোৱাৰাৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ উল্লেখযোগ্য যে,শুকুৰবাৰে পুৱা ঘৰৰ কাষতে উদ্ধাৰ হোৱা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।