ETV Bharat / state

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

author img

By

Published : Jul 1, 2021, 6:41 PM IST

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ৷ ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্মদিন উপলক্ষে এই দিৱস উদযাপন ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে এই দিৱস ৷

national doctor's day
ড৹ বিধান চন্দ্ৰ ৰয়ৰ স্মৃতিত উদযাপন ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

শিৱসাগৰ, 1 জুলাই : চিকিৎসক ভগৱানৰ দ্বিতীয় ৰূপ ৷ ভগৱানৰ পিচতেই সাধাৰণ লোকৰ বিশ্বাসৰ থল হৈছে চিকিৎসক ৷ পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্মদিনটোত সমগ্ৰ দেশতে উদযাপন কৰা হয় চিকিৎসক দিৱস ৷ আজি 1 জুলাই অৰ্থাৎ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ।

ৰোগমুক্ত এখন সমাজ গঢ়াৰ স্বাৰ্থত চিকিৎসকসকলে আগবঢ়োৱা অৰিহণাক স্বীকৃতি প্ৰদান কৰাৰ এটা বিশেষ দিন । প্ৰত্যেক বৰ্ষতে ভিন্ন ভিন্ন বিষয়বস্তুৰ ভিত্তিত উদযাপন কৰা হয় এই দিৱস ৷ স্বনামধন্য চিকিৎসক বিধান চন্দ্ৰ ৰয়ৰ জন্মদিন উপলক্ষে 1991 চনৰ পৰা 1 জুলাইত উদযাপন কৰি অহা হৈছে চিকিৎসক দিৱস ।

ক'ৰণা অতিমাৰীৰ সন্ত্ৰাস আৰু এই সময়ত চিকিৎসকসকলৰ সেৱা তথা অৱদানৰ বাবে আজিৰ দিনৰ চিকিৎসক দিৱস অধিক প্ৰাসংগিক হৈ পৰিছে ।

আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

ডাঃ বিধান চন্দ্ৰ ৰয় কেৱল এজন সুদক্ষ চিকিৎসকেই নাছিল । তেওঁ আছিল বহু কেইখন উন্নত চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক ৷ লগতে চিকিৎসকসকলৰ অধিকাৰ সুৰক্ষিত কৰা মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়া আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন গঠনৰ অন্যতম মূল ব্যক্তি ৷

চিকিৎসকৰ লগতে ৰাজনীতিৰ লগত জড়িত এইজন ব্যক্তিক 1962 চনত প্ৰদান কৰা হৈছিল ভাৰতৰত্ন । সমগ্ৰ দেশ, ৰাজ্যৰ লগতে শিৱসাগৰতো এই দিৱস উদযাপন কৰা হয় । ক’ভিড-19 ৰ আপাতকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় । অনুষ্ঠানত আজিৰ দিনটোৰ গুৰুত্ব আৰু তাৎপৰ্য ব্যাখ্যা কৰি চিকিৎসকসকলৰ প্ৰকৃত দায়িত্ব আৰু কৰ্তব্য অনুধাৱন কৰা হয় ।

ইতিমধ্যে অৱসৰ লোৱা অথবা পৃথিৱীৰ পৰা হেৰাই যোৱা চিকিৎসকসকলক সোঁৱৰণ কৰা হয় । ক’ভিড-19 ৰ এনে পৰিস্থিতিত চিকিৎসা সেৱা প্ৰদান কৰা এইসকল চিকিৎসকৰ সমাজত প্ৰয়োজন কি, সেই সন্দৰ্ভত আজিৰ দিনটোত সোঁৱৰণ কৰা হয় । চিকিৎসক দিৱস উপলক্ষে শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে চিকিৎসকসকলক শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক: অসমত ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়জন ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.