ETV Bharat / state

নিৰ্বাচনী পৰিৱেশ পৰ্যবেক্ষণৰ বাবে শিৱসাগৰত নৰেন্দ্ৰ সিং টোমৰ

author img

By

Published : Mar 20, 2021, 5:31 PM IST

শিৱসাগৰত শনিবাৰে উপস্থিত হয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ৷ নিৰ্বাচনী পৰিৱেশ পৰ্যবেক্ষণৰ বাবে ১০৮ নং শিৱসাগৰ সমষ্টিত আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে বিজেপি নেতা ৰাজেন গোঁহাই ৷

নিৰ্বাচনী পৰিৱেশ পৰ্যবেক্ষণৰ বাবে শিৱসাগৰত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

শিৱসাগৰ,20 মাৰ্চ: শনিবাৰে নিৰ্বাচনী পৰিৱেশ পৰ্যবেক্ষণৰ বাবে ১০৮ নং শিৱসাগৰ সমষ্টিত আহি উপস্থিত হয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ । শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত মন্ত্ৰী গৰাকীয়ে সাংবাদিকক সম্বোধন কৰি বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ জয় নিশ্চিত বুলি ঘোষণা কৰে । মন্ত্ৰী গৰাকীয়ে বিগত প্ৰায় ১২০ দিনৰ পৰা চলি থকা কৃষক আন্দোলনক বদনাম কৰাৰ বাবে অপচেষ্টা চলোৱা হৈছিল বুলি মন্তব্য কৰে ।

কৃষি আইন বাতিলৰ কিছুদিন পূৰ্বে কৃষকে কৰা বিদ্ৰোহত খোদ ৰাজধানী দিল্লী স্থবিৰ হৈ পৰিছিল ৷ কিন্তু মন্ত্ৰী গৰাকীয়ে এনে এক আন্দোলনক নসাৎ কৰি আইন বাতিলৰ আন্দোলন হোৱা নাই বুলিহে হাস্যকৰ মন্তব্য কৰে । সমষ্টিৰ নিৰ্বাচন পৰিৱেশ পৰ্যবেক্ষণত অহা মন্ত্ৰী গৰাকীৰ সৈতে সংগ দিয়ে বিজেপি দলৰ নেতা ৰাজেন গোঁহাইয়ে ৷

নেতা গৰাকীয়ে প্ৰথম পৰ্যায়ত বিজেপি দলে ৪০ খন আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে । বিজেপি দলে বিগত লোকসভা আৰু আগন্তুক বিধানসভা নিৰ্বাচনত টিকট প্ৰদান নকৰাৰ বাবে ব্যক্তিগত পৰ্যায়ত ক্ষোভ আছে যদিও, দলীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি দলৰ হৈ কাম কৰি যোৱা বুলি প্ৰাক্তন কেন্দ্ৰীয় ৰে’লমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে । যোৱা পাঁচ বছৰত চৰকাৰে কৰা ভাল কামৰ বাবে ৰাইজে বিজেপি দলক আঁকোৱালি ল'ব বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিজেপি দলৰ তত্বাৱধানতহে অসম আৰু অসমীয়া সুৰক্ষিত হ'ব বুলি মন্তব্য কৰে ।

ইফালে, অসমৰ মূল শত্ৰু বাংলাদেশী আৰু বাংলাদেশীৰ পালক বদৰুদ্দিন আজমল বুলি উল্লেখ কৰি কংগ্ৰেছ দলৰ লগত বদৰুদ্দিনৰ মিত্ৰতাই অসমৰ স্বাৰ্থবিঘ্নিত কৰিব বুলিও সমালোচনা কৰে ৰাজেন গোঁহাইয়ে । 'কা' প্ৰয়োগ নিশ্চিত বুলি কোৱা নেতা গৰাকীয়ে সমান্তৰালভাৱে অসম চুক্তিৰ ৬ ন‌ং দফাও কাৰ্যকৰী কৰা হ'ব বুলি পৰস্পৰ বিৰোধী কথা সাংবাদিকৰ আগত মন্তব্য কৰে ৷

অন্য এক খবৰৰ বাবে: কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.