ETV Bharat / state

নাগালেণ্ড আৰক্ষীৰ অতপালি, অসমৰ বাহন মোকলোৱাৰ বাবে 30 হাজাৰ টকা দাবী আৰক্ষী বিষয়াৰ

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:33 AM IST

নাগালেণ্ড আৰক্ষীৰ কব্জাত অসমৰ পৰা সামগ্ৰী কঢ়িওৱা মালবাহী বাহন ৷ ইয়াৰ পিচতে বাহনখন মোকলোৱাৰ অসমীয়াৰ পৰা ধনদাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নাগালেণ্ড আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে ৷

Nagaland Police officer demands money
অসমৰ বাহন মোকলোৱাৰ বাবে 30 হাজাৰ টকা দাবী আৰক্ষী বিষয়াৰ

আমগুৰি, 13 ডিচেম্বৰ : সময়ে সময়ে নাগালেণ্ড আৰু অসমৰ সীমান্তত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে এইবাৰ নাগালেণ্ড আৰক্ষীয়ে অসমৰ এখন বাহনৰ স্বত্বাধিকাৰীৰ পৰা ধনদাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ নাগালেণ্ডৰ টুৱেনচাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ উত্থাপিত হৈছে ৷

জানিব পৰা মতে, কেইদিনমান পূৰ্বে নাগালেণ্ডৰ টুৱেনচাংৰ নখলা নামৰ ঠাইত থকা এচি কনষ্ট্ৰাকশ্যন নামৰ এটা প্ৰতিষ্ঠানৰ বাবে 42 ড্ৰাম বিটুমিন লৈ AS04-BC-9485 নম্বৰৰ বাহনখন অসমৰ আমগুৰিৰ হালোৱাটিঙৰ পৰা ৰাওনা হৈছিল ৷ মালবাহী ট্ৰাকখন গন্তব্যস্থান পোৱাৰ পিচতে এচি কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৰ মেনেজাৰ উমেশ কুমাৰ নামৰ ব্যক্তিজনে বাহনখন জব্দ কৰি ৰাখে । তাৰ পিচতে প্ৰাণৰ শংকাত গাড়ীখনৰ চালক আৰু হেণ্ডিমেনগৰাকীয়ে সেই স্থানতে বাহনখন এৰি পলায়ন কৰে।

ইফালে বাহনখনৰ গৰাকীয়ে এই খবৰ লাভ কৰি কোম্পানীটোৰ পৰা বাহনখন উদ্ধাৰ কৰিব নোৱাৰাত শেষত শিৱসাগৰ আৰক্ষী অধীক্ষকক সমগ্ৰ বিষয়টো অৱগত কৰে। লগতে বাহনখনৰ গৰাকীয়ে হালোৱাটিং আৰক্ষী থানা আৰু নাগালেণ্ডৰ টুৱেনচাং আৰক্ষী থানাত এচি কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। টুৱেনচাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিচতে টুৱেনচাং আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰি প্ৰতিষ্ঠানটোৰ পৰা বাহনখন উদ্ধাৰ কৰি নিজৰ জিম্মাত লয়।

তাৰ পিচতে টুৱেনচাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বাহনখনৰ গৰাকীক বাহনখন মোকলাবলৈ ধনদাবী কৰে ৷ টুৱেনচাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গাড়ীখনৰ বাবদ 30 হাজাৰ টকা দাবী কৰে বুলি বাহনখনৰ গৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

শেষত নিৰুপায় হৈ বাহনখনৰ স্বত্বাধিকাৰী ৰমিজুদ্দিন আহমেদে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক জি পি সিঙলৈ বাহনখন উদ্ধাৰ কৰি আনিবলৈ আহ্বান জনাইছে ৷ পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ পৰা উক্ত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে সেয়া এক ডাঙৰ প্ৰশ্ন ?

লগতে পঢ়ক: মহানগৰীত ইখনৰ পিচত সোণৰ নাও জব্দ, দুই সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.