ETV Bharat / state

Assamese traditional utsav: ৰাজ্যত এতিয়া ন-খোৱাৰ বতৰ - Na Khua traditional utsav in Assam

ৰাজ্যত বৰ্তমান ন-খোৱাৰ বতৰ ৷ আঘোন মাহৰ অন্তিম দিনটোত অসমীয়াৰ প্ৰায়সংখ্যক পৰিয়ালেই পালন কৰে ন-খোৱা পৰ্বৰ (Assamese traditional utsav)৷ আমগুৰিৰ চামগুৰি ফুৰালুং সমাজেও সম্পুৰ্ণ টাই পৰম্পৰাৰে পালন কৰে ন-খোৱা (Na Khowa traditional utsav observed at Amguri) ৷

Assamese Na Khua traditional utsav observed at Amguri
Na Khua at Amguri: ৰাজ্যত ন খোৱাৰ বতৰ
author img

By

Published : Dec 17, 2022, 10:53 AM IST

ৰাজ্যত এতিয়া ন-খোৱাৰ বতৰ

আমগুৰি, ১৭ ডিচেম্বৰ: "মই এজন নিমন্ত্ৰিত অতিথি হিচাপে ইয়াত উপস্থিত হ’বলৈ পাই ধন্য মানিছো ৷ আঘোন মাহত ন খোৱাটো অসমীয়া সমাজৰ এক আত্মিক আৰু পবিত্ৰ পৰম্পৰা ৷ আমি ইয়ালৈ আহি এক ব্যতিক্ৰমী পৰম্পৰা পৰিলক্ষিত কৰিছো ৷ সম্পূৰ্ণ টাই পৰম্পৰাৰে এই ন-খোৱা উৎসৱটো আয়োজন কৰিছে ৷ যিখিনি আমাৰ পৰাম্পৰাগত ৰীতি-নীতি আছে উৎসাৱ পালন কৰি আহিছে ৷" আঘোনৰ সোণোৱালী ধান চপাই কৃষিজীৱি অসমীয়া এতিয়া ব্যস্ত ন খোৱাত ৷ আমগুৰিৰ চামগুৰি ফুৰালুং সমাজে আয়োজন কৰা ন-খোৱাত উপস্থিত থাকি এই মন্তব্য এগৰাকী অতিথিৰ ৷

ৰাজ্যত বৰ্তমান হেঁপাহৰ খেতিডৰা ঘৰ চপোৱাৰ দিন (Na Khua traditional utsav in Assam)৷ সোণগুটি ঘৰ চপাৰ লগেই লগেই সকলোৱে মিলি নতুন চাউলেৰে এসাজ তৃপ্তিৰে খাবলৈ কোনেনো নিবিচাৰে ? আঘোন মাহৰ অন্তিম দিনটোত অসমীয়াৰ প্ৰায়সংখ্যক চহা পৰিয়ালেই পালন কৰে ন-খোৱা পৰ্বৰ (Assamese traditional utsav)৷

সেই একেদৰে টাই ধৰ্মাৱলম্বী লোকসকলেও আঘোণৰ অন্তিম দিনটোত ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰে ন-খোৱা পৰ্বৰ ৷ শুকুৰবাৰে আমগুৰিৰ চামগুৰি ফুৰালুং সমাজেও সম্পুৰ্ণ টাই পৰম্পৰাৰে পালন কৰে ন-খোৱা পৰম্পৰা (Na Khua traditional utsav observed at Amguri) ৷ অসমীয়াৰ আঘোন মাহ আৰু টাই কেলেণ্ডাৰৰ মতে টাই প্ৰথম দিন চিং মাহত আয়োজন কৰা হয় ন-খোৱা পৰম্পৰাৰ (Na Khua at Amguri)।

এই অনুষ্ঠানত নতুন ধানৰ চাউল , বৰা চাউলৰ চুঙা , হাঁহৰ মাংস , গাহৰিৰ মাংস, মাছ পৰম্পৰাগত পানীয় লোকলাও অদি নৈবদ্য উপাস্য দেৱতা, গুৰু-ভকতলৈ আগবঢ়ায় ৷ সকলোৱে লগে ভাগে এসাজ খাই বছৰটোৰ বাবে গোটাই থোৱা ধানৰ ন চাউলেৰে আৰম্ভ কৰে ন-খোৱা পৰ্বৰ ৷ পথাৰৰ ন ধানৰ চাউল ,বাৰীৰ নতুন পাচলি, পুখুৰীৰ মাছৰে বছৰটোলৈ গোটাই লোৱা ধান মুঠিৰ চাউলেৰে গুৰু-ভকতক এসাঁজ খুৱাই ৰাজ্যৰ প্ৰন্তে প্ৰান্তে চলিছে এতিয়া ন-খোৱা পৰম্পৰা ।

লগতে পঢ়ক: Boat Accident at Laharighat: লাহৰিঘাটৰ নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.