আমগুৰি, 26 ডিচেম্বৰ : আৰক্ষীৰ চকুত ধূলি দি একাংশ সমাজ বিৰোধী চক্ৰই চলাই আছে লালীগুড়ৰ অবৈধ ব্যৱসায় ৷ শনিবাৰে শিৱসাগৰৰ নামতিত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ লালীগুড় (Molasses seized in Sivasagar) ৷
নামতি চাৰিআলিৰ ধোদৰ আলিত নিশা আৰক্ষীৰ টহলদাৰী দলে AS-03 BC-9704 নম্বৰৰ এখন বলেৰ’ পিক আপ ভান নাজিৰাৰ দিশে গৈ থকা অৱস্থাত জব্দ কৰে ৷ এই বাহনখনতে আছিল প্ৰায় ১৫০ টিনত অনা লালীগুড় ৷
দীৰ্ঘদিন ধৰি আমগুৰিৰ একাংশ অবৈধ ব্যৱসায়ীয়ে চামগুৰি, জেহেনীয়া, দেওৰজা, দোপদৰকে ধৰি বিভিন্ন এলেকাত লালীগুড়ৰ সৰবৰাহ কৰি আহিছিল ৷ এই লালীগুড় চুলাই মদ প্ৰস্তুত কৰোতে বিশেষকৈ ব্যৱহাৰ কৰা হয় ৷
আমগুৰিৰ লগতে নাজিৰাৰ একাংশ অসাধু ব্যৱসায়ীয়েও ধোদৰ আলিৰ মাজেৰে নামতি চাৰিআলি হৈ এই অবৈধ ব্যৱসায় চলাই আহিছিল । এনে লালীগুড় পশুধনৰ খাদ্য হিচাপে ব্যৱসায়ীসকলে ক্ৰয় কৰি নিয়ে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াক চুলাই মদ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰে ৷
লগতে পঢ়ক : বোকাখাতত বিলাসী বাহনৰ পৰা জব্দ লালি গুৰ