ETV Bharat / state

শাওণৰ পথাৰত ব্যস্ত বিধায়ক প্ৰদীপ হাজৰিকা - ন ভূঁই

পুত্ৰ-বোৱাৰী সহিতে পথাৰত নামিল বিধায়ক প্ৰদীপ হাজৰিকা ৷ নিজে মৈ টানি, পথাৰৰ আলি দি আনকি পথাৰত কঠীয়া ৰুই ৰোৱনীসকলক উৎসাহ যোগাইছে বিধায়কগৰাকীয়ে ।

mla pradip hazarika busy in paddy field
mla pradip hazarika busy in paddy field
author img

By

Published : Jul 18, 2020, 11:10 AM IST

আমগুৰি, ১৮ জুলাই : এতিয়া শাওন মাহ, ভৰ বাৰিষা ৷ এফালে খেতিৰ ভৰপক সময় আনফালে বানৰ বিভীষিকা ৷ তথাপিতো বছৰটোৰ ভাত মুঠি যোগাৰৰ বাবে খেতিত ধৰিছে অসমৰ কৃষকে ৷ পৈত্ৰিক পৰম্পৰা অখুন্ন ৰাখি পুত্ৰ-বোৱাৰী সহিতে পথাৰত নামিল এগৰাকী বিধায়ক ৷

mla pradip hazarika
ভূঁই ৰোৱাত ব্যস্ত প্ৰদীপ হাজৰিকা

আমগুৰিৰ জালুক গাঁৱৰ পথাৰত দেখা গ'ল সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকাক ৷ ৬ বিঘা ৰোৱাতি মাটিত শনিবাৰে ন-ভূঁই পাতে বিধায়ক হাজৰিকাই । নিজে মৈ টানি, পথাৰৰ আলি দি আনকি পথাৰত কঠীয়া ৰুই ৰোৱনীসকলক উৎসাহ যোগাইছে বিধায়কগৰাকীয়ে ।

mla pradip hazarika
একাঁঠু বোকাত ভূঁই ৰুলে বিধায়কৰ বোৱাৰীয়ে
গ্ৰাম্য সমাজত ন-ভূঁই পতা পৰম্পৰা ক্ৰমান্বয়ে হেৰাই যোৱা সময়তে বিধায়ক প্ৰদীপ হাজৰিকাই নিজৰ পৰিয়ালৰ মাজত এই পৰম্পৰা হেৰাই যাবলৈ দিয়া নাই ৷ বিধায়ক হাজৰিকাৰ লগতে পুত্ৰ সুদৰ্শন হাজৰিকা আৰু বোৱাৰীয়েকেও ন-ভূঁইত সহায় কৰিছে ।
পুত্ৰ-বোৱাৰী সহিতে পথাৰত নামিল বিধায়ক প্ৰদীপ হাজৰিকা

পূৰ্বপুৰুষৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি বিধায়ক হাজৰিকাই সৰুৰেপৰা কৃষিকৰ্মৰ লগত জড়িত হৈ পুনৰ নিজ পুত্ৰ আৰু বোৱাৰীকো কৃষিৰ লগত জড়িত কৰাইছে ।

লগতে পঢ়ক : হিমন্তক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.