শিৱসাগৰ,17 জুলাইঃ সোণাৰি সমষ্টিৰ বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্ৰৰ লগতে বিধায়িকাগৰাকীৰ ব্যক্তিগত গাড়ীচালক আৰু ব্যক্তিগত সহায়কৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পিছতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে এতিয়া চৰাইদেউ জিলাত ৷
জানিব পৰা মতে,বিধায়িকাগৰাকীৰ ব্যক্তিগত গাড়ীচালক আৰু ব্যক্তিগত সহায়কৰ নিতৌ সংস্পৰ্শলৈ আহে বিভিন্নজন ব্যক্তি। ইয়াৰ উপৰি বিধায়িকাগৰাকীৰ পুত্ৰ কৰণ সন্দিকৈৰ আছে নিজা চাহ বাগিচা । যাৰ বাবে দৈনিক সংস্পৰ্শলৈ আহে বহু ব্যক্তি তথা বাগিচাৰ কৰ্মচাৰী আৰু অগণন শ্ৰমিক।
উল্লেখযোগ্য যে,16 জুলাইত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত চৰাইদেউৰ মৈডাম ক্ষেত্ৰ বিষয়ক এখন সভাত ব্যক্তিগত গাড়ীচালক আৰু ব্যক্তিগত সহায়কৰ সৈতে অংশগ্ৰহণ কৰিছিল বিধায়িকা নৱনীতা সন্দিকৈয়ে। য'ত উপস্থিত আছিল চৰাইদেউ জিলা উপায়ুক্ত,অতিৰিক্ত উপায়ুক্ত সহ বিষয়া কৰ্মচাৰীৰ লগতে সাংসদ তপন গগৈ,মন্ত্ৰী যোগেন মহন,উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঞিও ৷ ইয়াকে লৈ গণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে চৰাইদেউবাসীয়ে ৷
ইপিনে,এই সমগ্ৰ বিষয়ক লৈ সৰৱ হৈ পৰা দেখা গ'ল বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়াক ৷ সংবাদ মাধ্যমৰ আগত বিৰোধী দলৰ দলপতি গৰাকীয়ে মন্তব্য কৰি কয় যে,চৰাইদেউ জিলা প্ৰশাসনে যি ধৰণে এই সমগ্ৰ বিষয়ক লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি দেবব্ৰত শইকীয়াই শাসকীয় দলৰ কোনো নেতা-কৰ্মীয়ে চৰকাৰী কোনোধৰণৰ নীতি নিয়ম মানি চলা নাই বুলিও অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ উপৰি জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক কঠোৰ হ'বলৈ আহ্বান জনায় বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই ৷
লগতে পঢ়কঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা