শিৱসাগৰ, 26 জুনঃ শিৱসাগৰৰ দিখৌ নদীত জাপ দিয়া বুলি সন্দেহ কৰা ১৮ বছৰ বছৰীয়া যুৱতী গৰাকীক আজি নিশা যোৰহাটত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ যোৰহাট মেডিকেল কলেজৰ পৰা অভিভাৱকহীন এগৰাকী যুৱতীৰ সম্ভেদ লাভ কৰাৰ পাছত যোৰহাট আৰক্ষীয়ে প্ৰাথমিক সোধাপোছ কৰি তেওঁ শিৱসাগৰৰ আত্মহত্যাৰ টোকা লিখি নিৰুদ্দিষ্ট হোৱা যুৱতী গাৰাকী বুলি নিশ্চিত হয় ৷ অৱশ্যে মানসিক চাপত থকা যুৱতী গৰাকী কিদৰে যোৰহাট মেডিকেল কলেজ উপস্থিত হল সেই সন্দৰ্ভত সৱিশেষ লাভ কৰা নাই আৰক্ষীয়ে ৷
ইতিমধ্যে শিৱসাগৰ সদৰ থানাৰ পৰা আৰক্ষীৰ দল পৰিয়ালৰ লোকৰ সৈতে ছোৱালীজনীক শিৱসাগৰ লৈ আনিবলৈ যোৰহাটলৈ ৰাওনা হৈছে ৷
উল্লেখযোগ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা যুৱতী গৰাকী আজি ৰাতিপুৱা প্ৰায় ৫.০০ বজাত শিৱসাগৰ নগৰৰ হাস্পতাল ৰোড স্থিত নিজৰ ঘৰৰ পৰা অকলে ওলাই গৈছিল ৷ আৰক্ষীয়ে দিখৌ দলঙত যুৱতী গৰাকীৰ চেণ্ডলৰ লগতে ঘৰৰ পৰা এই সন্দৰ্ভত উদ্ধাৰ কৰিছিল এক আত্মহত্যাৰ টোকা ৷
যোৱা বাৰ পৰীক্ষাত উতীৰ্ণ হব নোৱাৰা অষ্টাদশী যুৱতী গৰাকীয়ে এইবাৰো পৰীক্ষাত উতীৰ্ণ হব নোৱাৰাৰ ভয় আৰু লাজত এনে পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰিছিল পৰিয়ালৰ লোক তথা আৰক্ষীয়ে ৷ যুৱতী গৰাকী শিৱসাগৰ ছোৱালী কলেজৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷
বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰাই যুৱতী গৰাকীৰ সন্ধানত জিলা প্ৰশাসনৰ এছডিআৰএফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল দিখৌ নদীত ৷
লগতে পঢ়কঃ স্বাস্থ্য মন্ত্ৰালয়ৰ নেতৃত্বত কেন্দ্ৰীয় দলে ভ্ৰমণ কৰিব ক'ভিড-১৯ আক্ৰান্ত ৰাজ্য