ETV Bharat / state

Ali Ai Ligang : ফাগুণৰ বোকোচাত উঠি আহিল হেঁপাহৰ লৃগাং

লৃগাঙত মতলীয়া মিচিং ডেকা গাভৰু ৷ ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে মিচিং বিহু অৰ্থাৎ আলি আঃয়ে লৃগাং ৷ আজি অৰ্থাৎ ফাগুণৰ প্ৰথমটো বুধবাৰে ৰাজ্যজুৰি উদযাপন মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং (Ali Ai Ligang Celebration over the Assam) ৷

Ali Ai Ligang Celebration over the Assam
ফাগুণৰ বোকোচাত উঠি আহিল হেঁপাহৰ লৃগাং
author img

By

Published : Feb 16, 2022, 8:31 PM IST

শিৱসাগৰ, 16 ফেব্ৰুৱাৰী : চঞ্চলা ফাগুণ আহিলেই মন প্ৰাণ ৰঙীন হৈ পৰে ৷ ফাগুণ আহিলেই পলাশ, মদাৰ, শিমলু আদি ফুলে জাতিষ্কাৰ কৰি তোলে চৌপাশ ৷ ৰঙীণ হৈ পৰে চাৰিওকাষৰ আকাশ-বতাহ ৷

ফাগুণত কেৱল প্ৰকৃতিয়েই নহয়, মিচিং জনগোষ্ঠীৰ লোকসকলো আনন্দত আত্মহাৰা হৈ পৰে ৷ কিয়নো ফাগুণতে কৃষিজীৱি মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে হেঁপাৰ কৃষিভিত্তিত উৎসৱ আলি আঃয়ে লৃগাং (Ali Ai Ligang Celebration over the Assam) ৷

আজি ফাগুণৰ তৃতীয়টো দিন ৷

ফাগুণৰ তৃতীয়টো দিনতেই এইবাৰ মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে আলি আঃয়ে লৃগাং ৷ ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে লৃগাং পালন কৰে । ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে বুধবাৰে শিৱসাগৰ জিলাৰ মিচিং জনগোষ্ঠীয় লোকৰ অধ্যুষিত অঞ্চল দিচাংমুখতো পালন কৰা হয় আলি আঃয়ে লৃগাং ।

গুমৰাগৰ লহৰত মতলিয়া হৈ পৰিছে মিচিং ডেকা-গাভৰুসকল ৷ ঐনিতমৰ সুৰ, ঢোলৰ গুমগুমনি আৰু ডেকা-গাভৰুৰ প্ৰাণচঞ্চল গুমৰাগৰ লহৰত কঁপি উঠিছে দিচাং নৈৰ পাৰ ।

সাধাৰণতে মিচিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ, ‘আঃয়ে’ মানে ফল আৰু ‘লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা ৷ অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন । সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নৃত্য কৰে ।

ফাগুণৰ বোকোচাত উঠি আহিল হেঁপাহৰ লৃগাং

পূৰ্বতে আলি আঃয়ে লৃগাং উৎসৱ পাঁচদিনীয়াকৈ পালন কৰা হৈছিল । প্ৰথমদিনা ৰীতি অনুসৰি শস্য সিঁচা হয় । পথাৰৰ পূৱ দিশৰ এটা কোণৰ প্ৰায় ২-৩ ফুট বহল আৰু ৩-৪ ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয় । পুৱাতে ঘৰৰ গৃহস্থই 'ইগিন'ত লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্তু যেনে, পঃৰ আপং (পৰম্পৰাগত পানীয়), পুৰাং (তৰা পাতত সিজোৱা টোপোলা ভাত), আদা, আহু ধানৰ বীজ, কপাহ, পিঃৰ (মেগেলা গছ), কপাহী সূতা, কাঠ আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি-তেল আদি ভৰাই লৈ পথাৰলৈ যায় ।

যোৱাৰ পূৰ্বে জুহালত নিৰ্দিষ্ট নিয়মেৰে গৃহৰক্ষক ডাঙৰীয়া, পূৰ্ব পুৰুষসকলক সাক্ষী হিচাপে লৈ শস্য সিঁচাৰ শুভকাৰ্যত সফলতা লাভৰ মানসেৰে আৰ্শীবাদ কামনা কৰে । খেতিপথাৰৰ নিৰ্দিষ্ট ঠাইডোখৰত মেগেলা গছবোৰ পুতি দি কপাহী সূতাৰে মেৰিয়াই তৈয়াৰ কৰা বেদীত ছটিয়াই চাকিগছি জ্বলাই দি পুৰাং, আপং, মাছ আদি খাদ্য সামগ্ৰীবিলাক আগবঢ়াই দিয়ে । তাৰ পাচত সোঁহাতত আহুধানৰ সঁচ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ চেদি-মেল, আৰাধ্য দেৱ-দেৱী দঞি-পল (বেলি-জোন), কাৰ্ছিং-কাৰ্তাং (গ্ৰহ-নক্ষত্ৰ)-ক সাক্ষী কৰি ধৰিত্ৰী শস্য-শ্যামলা হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাই বীজ সিঁচে ।

উল্লেখ্য যে, কেৱল শিৱসাাগৰৰ দিচাং নৈৰ পাৰে নহয়, ফাগুণৰ প্ৰথমটো বুধবাৰে আমগুৰিৰ লাহদৈগড় গাঁৱতো পুৱাৰে পৰা দেখা গ’ল এক অপূৰ্ব দৃশ্য ৷ ঐনিতমৰ সুৰ আৰু গুমৰাগৰ চন্দত মুখৰ হৈ পৰিছে আকাশ বতাহ ৷ ভিন্নৰঙী হাতে বোৱা কাপোৰ পৰিহিত মিচিং গাভৰুয়ে সৃষ্টি কৰা বৰ্ণিল পৰিৱেশত পৰম্পৰাগত খাদ্যৰ লগতে থলুৱা পানীয়ৰ সোৱাদ ল’বলৈ আহিল অন্যান্য জাতি-জনগোষ্ঠীৰ ডেকা-গাভৰুৱে ।

শিৱসাগৰৰ সমান্তৰালকৈ তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত মুৰং ঘৰত, তিনিচুকীয়া টাউন মিচিং কৌবাং আৰু আলি আঃয়ে লৃগাং উদযাপন সমিতিৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে এদিনীয়াকৈ উলহ-মালহেৰে আয়োজন কৰা হয় মিচিং সকলৰ প্ৰধান আলি আঃয়ে লৃগাং উৎসৱটি ।

বাদ পৰি ৰোৱা নাই ডিব্ৰুগড়ৰো ৷ ডিব্ৰুগড় টাউন মিচিং কেবাঙৰ উদ্যোগত মুৰং অকুমত আয়োজন কৰা হয় আলি আঃয়ে লৃগাং । ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ যোৰহাটতো মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজতো দেখিবলৈ পোৱা গ’ল পাৰভঙা উৎসাহ ।

লগতে পঢ়ক : যোৰহাটত পৰম্পৰাগত মিচিং জনগোষ্ঠীয় উৎসৱ আলি আই লৃগাং পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.