ETV Bharat / state

মন্ত্ৰী সঞ্জয় কিষাণক ভাবুকি আলফা(স্বা)ৰ - আলফা সদস্য ভাগ্য অসমৰ আত্মহত্যা

মন্ত্ৰী সঞ্জয় কিষাণক ভাবুকি আলফা(স্বা)ৰ (Sanjoy Kishan threaten by ULFA I)৷ শেহতীয়াকৈ আলফা(স্বা)য়ে চোৰাংচোৱাৰ অভিযোগত দুজনকৈ যুৱকক মৃত্যদণ্ড বিহাৰ সন্দৰ্ভত পৰেশ বৰুৱাক সমোলোচনা কৰি সংগঠনটোৰ ৰোষত পৰিছে মন্ত্ৰীগৰাকী ৷

Sanjoy Kishan threaten by ULFA I
মন্ত্ৰী সঞ্জয় কিষাণক ভাবুকি আলফা(স্বা)ৰ
author img

By

Published : May 14, 2022, 5:18 PM IST

Updated : May 14, 2022, 5:44 PM IST

শিৱসাগৰ, 14 মে’: আলফা(স্বা)ত চোৰাংচোৱা কৰাৰ অপৰাধত সংগঠনৰ দুই সদস্যক মৃত্যুদণ্ড প্ৰদান(Death penalty by ULFA I) কৰাৰ লগতে আলফা সদস্য ভাগ্য অসমৰ আত্মহত্যাক কেন্দ্ৰ কৰি আলফা শীৰ্ষ মুৰব্বী পৰেশ বৰুৱাক সমালোচনা কৰি নিষিদ্ধ ঘোষিত স‌ংগঠনটোৰ ৰোষত পৰিছে অসম মন্ত্ৰীসভাৰ সদস্য সঞ্জয় কিষাণ । আলফা সভাপতি পৰেশ বৰুৱাক মিছলীয়া আখ্যা দিয়াত মন্ত্ৰীগৰাকীক উভতি ধৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ।

স‌ংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি সংগঠনৰ প্ৰচাৰ বিভাগৰ সম্পাদক অৰুণোদয় অসমে মন্ত্ৰীগৰাকীয়ে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ বক্তব্যৰ বাবে ক্ষমা নুখুজিলে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিজেপি দলৰ নেতা, মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণক নিষিদ্ধ ঘোষণা কৰাৰ ভাবুকি প্ৰদান কৰিছে (Sanjoy Kishan threaten by ULFA I)।

আনহাতে মন্ত্ৰীগৰাকীৰ যিকোনো সমৰ্থনত কোনো দল, সংগঠন অথবা ব্যক্তি ওলাই আহিলে হ'ব পৰা পৰিণামৰ বাবে তেওলোক নিজেই জগৰীয়া হ'ব বুলিও মুকলি হুংকাৰ সংগঠনৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে ।

লগত পঢ়ক: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পদত্যাগ

Last Updated : May 14, 2022, 5:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.