ETV Bharat / state

লাইবিল-বকতা-দিচাংমুখৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ - তথ্য আৰু জনসংযোগ বিভাগ

মঙলবাৰে বান-গৰাখহনীয়া পৰিদৰ্শন কৰাৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika) ৷ শিৱসাগৰৰ লাইবিল, বকতা আৰু দিচাংমুখৰ বান-গৰাখহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷

minister Piyush Hazarika
লাইবিল-বকতা-দিচাংমুখৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
author img

By

Published : Jun 15, 2021, 8:49 PM IST

শিৱসাগৰ, 15 জুন : আজি শিৱসাগৰত বান-গৰাখহনীয়া পৰিদৰ্শন কৰিলে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika)ই ৷ শিৱসাগৰৰ লাইবিল, বকতা আৰু দিচাংমুখ আদি অঞ্চলৰ বান-গৰাখহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ পাচতে সাংবাদিকক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, বৰ্তমান চৰকাৰে বান-গৰা খহনীয়া নিয়ন্ত্ৰণৰ বাবে সকলো ফালৰ পৰাই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ জলসম্পদ বিভাগক খহনীয়া ৰোধ কৰাৰ বাবে দুই ধৰণে কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

লাইবিল-বকতা-দিচাংমুখৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

"অসমৰ বান অধ্যুষিত অঞ্চল সমূহৰ মথাউৰিসমূহ বৰ্তমান সময়ত প্ৰাথমিকভাৱে মেৰামতি কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ বানৰ ফলত ৰাজ্যখনৰ বহু মথাউৰি আংশিকভাৱে খহিছে ৷ এনে মথাউৰিসমূহ মেৰামতিৰ ফলত আগন্তুক বাৰিষাত বানপানীৰ তাণ্ডৱ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যাব। ইয়াৰ পাচত এই মথাউৰিসমূহ পুনৰ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰা হ'ব ৷" এইদৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika)ই কয় ৷

ইফালে মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ ঠিকা কামসমূহ সফল ৰূপায়ন কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ লগতে জনগণৰ কল্যাণৰ স্বাৰ্থত কামৰ কোনো গাফিলতি সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

ইয়াৰ সমান্তৰালভাৱে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীৰূপে পীযুষ হাজৰিকা (Piyush Hazarika)ই সকলো বৈধ আৰু স্বীকৃত সাংবাদিকৰ বাবে কল্যাণমূলক আঁচনি ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে । মন্ত্ৰী গৰাকীয়ে কয় যে কাঠফুলাৰ দৰে গজি উঠা অসংখ্য সংবাদ মাধ্যম সমূহক নাকী লগোৱা প্ৰয়োজনীয়তা আহি পৰিছে । এটা কম্পিউটাৰ লৈ সংবাদ পৰিৱেশন কৰা সকল সাংবাদিক হ'ব নোৱাৰে ।এনে মাধ্যম সমূহক নিয়ন্ত্ৰণ কৰা কৰা হ'ব বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক: আগন্তুক 22 জুনলৈ নতুন ক’ভিড নীতি ঘোষণা ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.