ETV Bharat / state

শিৱসাগৰত নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন

author img

By

Published : Jan 5, 2022, 2:59 PM IST

শিৱসাগৰৰ পৰাগধৰ চলিহা খেলপথাৰত স্থাপন কৰা হ'ল নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম ৷ শিৱসাগৰত উপস্থিত হৈ ষ্টেডিয়ামখনৰ শুভ উদ্বোধন কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে (Jogen Mohan inaugurated Parag Chaliha Indoor stadium) ৷

minister-jogen-mohan-inaugurated-parag-chaliha-indoor-stadium-in-sivasagar
শিৱসাগৰত নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন

শিৱসাগৰ, 5 জানুৱাৰী : মঙলবাৰে শিৱসাগৰত উপস্থিত হ'ল ৰাজহ মন্ত্ৰী যোগেন মহন(Jogen Mohan in Sivasagar)৷ শিৱসাগৰত উপস্থিত হৈ ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ত পৰাগধৰ চলিহা খেলপথাৰত নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়ামৰ শুভ উদ্ধোধন কৰিলে মন্ত্ৰী যোগেন মহনে(Jogen Mohan inaugurated Parag Chaliha Indoor stadium) ৷

উল্লেখ্য যে, বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনৰ ইনড'ৰ ষ্টেডিয়ামৰ লগতে খেলপথাৰ আৰু খেলৰ সা-সাৰঞ্জমৰ বাবে ১ কোটি ১৫ লাখ টকাৰ অনুদান আগবঢ়াইছিল(Assam Revenue Minister inaugurated Indoor stadium) । প্ৰথম কিস্তিৰ ৬০ লাখ টকা মুকলি কৰি দিয়াৰ পাছত মহাবিদ্যালয়খনৰ নিজা পুঁজিৰ পৰা ৫৫ লাখ টকা সংযোগ কৰি সৰ্বমুঠ ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে এই ইনড'ৰ ষ্টেডিয়ামখন নিৰ্মাণ কৰি উলিয়াওৱা হৈছে ।

উল্লেখ্য যে, সংবাদমাধ্যমৰ সন্মুখত উক্ত ষ্টেডিয়ামখন মুকলি কৰি গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰাৰ লগতে ক্ৰীড়া বৰ্তমান শিক্ষাৰ এটা অংশ বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে লগতে ক্ৰীড়াৰ যোগেদি জাতি তথা দেশ গঢ়াৰ লগতে নিজকে গঢ় দিব পাৰি বুলি মন্তব্য কৰে মন্ত্ৰী মহনে ৷

উল্লেখ্য, মঙলবাৰৰ পৰা মহাবিদালয়খনৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ(Jogen Mohan join sports week in Sivasagar) আৰম্ভ হয় এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ যোগেদি উল্লেখ কৰি কয় যে, ৰাজ্যৰ ৰাজহ বিভাগে মাটিৰ মূল্য পুনৰ নিৰ্ধাৰণ কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : ৫-১৮ জানুৱাৰীলৈ ডিফুত পঞ্চম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.