ETV Bharat / state

স্বায়ত্ব শাসনৰ দাবীত শিৱসাগৰত মেছ কছাৰী যুৱ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Sep 11, 2020, 3:29 PM IST

সংখ্যালঘু মেছ কছাৰী সকলক সকলো সময়তে চৰকাৰী যন্ত্ৰই অৱহেলা কৰি আহিছে। সংখ্যালঘু মেছ কছাৰী সকলৰ আজিলৈ কোনো চৰকাৰী প্ৰতিনিধি নথকাৰ বাবেই সকলো সময়ত সংবিধানৰ ষষ্ঠ অনুসূচীত অৰ্ন্তভুক্ত হোৱাৰ পাছতো কেৱল সংখ্যগত ভাৱে লঘু হোৱাৰ বাবে চৰকাৰে কোনো সুবিধা প্ৰদান কৰি অহা নাই।

শিৱসাগৰত মেছ কছাৰী যুৱ পৰিষদৰ প্ৰতিবাদ
শিৱসাগৰত মেছ কছাৰী যুৱ পৰিষদৰ প্ৰতিবাদ

শিৱসাগৰ, 11 চেপ্তেম্বৰঃ শুকুৰবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মেছ কছাৰী যুৱ পৰিষদৰ কৰ্মীসকলে। অসমৰ আদিম ভূমিপুত্ৰ মেচ সকলে আজি চৰকাৰে দীৰ্ঘদিনে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চনা কৰি অহাৰ অভিযোগ তুলি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰত মেছ কছাৰী যুৱ পৰিষদৰ প্ৰতিবাদ

সংখ্যাগত ভাৱে অতি ক্ষুদ্ৰ জনগোষ্ঠী হোৱা হেতুকে ভোট বেংকৰ ৰাজনীতিত কোনো ধৰণৰ ভূমিকা পালন কৰিব নোৱাৰে বাবে কোনো ৰাজনৈতিক দলে তেওঁলোকক গুৰুত্ব নিদিয়ে যাৰ বাবে জনগোষ্ঠীটোৰ সমস্যা সমূহ দিনক দিনে বাঢ়িবলৈ ধৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী লোকসকলে ।মেছ কছাৰী সকলক স্বায়ত্ব শাসন দিম বুলি কৈ দীৰ্ঘদিনে প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি শুকুৰবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি নেতৃবৰ্গই কয় যে সংখ্যালঘু মেছ কছাৰী সকলক সকলো সময়তে চৰকাৰী যন্ত্ৰই অৱহেলা কৰি আহিছে। সংখ্যালঘু মেছ কছাৰী সকলৰ আজিলৈ কোনো চৰকাৰী প্ৰতিনিধি নথকাৰ বাবেই সকলো সময়ত সংবিধানৰ ষষ্ঠ অনুসূচীত অৰ্ন্তভুক্ত হোৱাৰ পাছতো কেৱল সংখ্যগত ভাৱে লঘু হোৱাৰ বাবে চৰকাৰে কোনো সুবিধা প্ৰদান কৰি অহা নাই।এইবাৰো চৰকাৰে মেছ কছাৰী সকলক স্বায়ত্ব শাসন প্ৰদান নকৰি সমগ্ৰ জাতিটোৰ প্ৰতি শোষণ বঞ্চনা আকৌ প্ৰমাণ কৰিলে। যদি চৰকাৰে জনগোষ্ঠীটোৰ প্ৰতি এইদৰে প্ৰতাৰণা অব্যাহত ৰাখে তেন্তে আগন্তুক নিৰ্বাচনত বিজেপি দলক সমুচিত শিক্ষা দিব বুলি হুংকাৰ দিয়ে মেছ কছাৰী যুৱ পৰিষদে।

লগতে চাওকঃ ১২ ছেপ্টেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ আৰু ৪ খন নতুন ৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.