আমগুৰি ১৬ নৱেম্বৰ: শিৱসাগৰৰ আমগুৰিৰ নামতি চাৰিআলিৰ ধোদৰ আলিত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাঁচজনকৈ লোক ৷ ইয়াৰে মাজত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া অৱস্থাত মৃত্যু হয় দুজন লোকৰ ৷ মৃত্যুক সাৱতি লোৱা দুই ব্যক্তি হৈছে ক্ৰমে আলহাজ মৌলানা ডাউদ হুচেইন আৰু মাতু বেগম ৷ ইপিনে আহত হৈ বুলি বেগম, আঠ বছৰীয়া য়াছমিন বেগম, দুবছৰীয়া জেচমিন বেগম ৷ দুবছৰীয়া জেচমিন বেগমৰ অৱস্থা সংকটজনক ৷ এখন AS 04W 1632 নম্বৰৰ পালচাৰ বাইকে তীব্ৰ বেগত ভুল দিশে আহি খুন্দিয়াই চাইকেলত অহা এজন ব্যক্তিৰ লগতে অন্য চাৰিজন পথচাৰীক ৷ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷
উত্তেজিত শ-শ লোকে ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ পিচত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ উপস্থিতিত পৰিস্থিতি শাম কাটে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলত অহা তিনিজনৰ এজনক উত্তেজিত লোকে কৰায়ত্ত কৰি গোপন স্থানত ধৰি ৰাখে যদিও পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এখন বাইকত নীতি বৰ্হিভূত ভাৱে তিনিজন কৈ লোক তীব্ৰ বেগে অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এই তিনিগৰাকীৰ ভিতৰত এজনী যুৱতী বুলি জানিব পৰা গৈছে ৷