নাজিৰা, 11 আগষ্ট : ক'ভিড-19 ৰ মাজতে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল তথা অখিল গগৈ সহ 'কা' বিৰোধী সকলো কাৰাবন্দীক মুকলি কৰি দিবলৈ ৰাজ্য়ৰ বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বন,জলবায়ু আৰু পৰিৱেশ মন্ত্ৰালয়ে নতুনকৈ জাৰি কৰা "পৰিবেশ প্ৰভাৱ নিৰূপন অধিসূচনা" 2020 বিৰোধিতাৰে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷
মঙলবাৰে পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা 2020 ৰ বিৰোধিতাৰে শিৱসাগৰ জিলাৰ নাজিৰাত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে এই অধিসূচনাখনৰ বিৰোধিতা কৰে ৷ লগতে, কেন্দ্ৰীয় চৰকাৰক এই অধিসূচনাখন বাতিল কৰিবলৈ দাবী জনাই অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
উল্লেখ্য যে, কেন্দ্ৰীয় বন, জলবায়ু আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা নতুন উদ্যোগ স্থাপন কৰাৰ বাবে EIA (Environment Impact Assessment) আইন কাৰ্যকৰী কৰিব বিচাৰিছে ৷ এই নতুন আইনখন পূৰ্বৰ কেতবোৰ কঠোৰ নীতি-নিয়মক সম্পূৰ্ণৰূপে সলনি কৰি প্ৰস্তুত কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যোগ স্থাপন কৰাৰ বাবে পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইন (Environment Impact Assessment) কাৰ্যকৰী কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আইনখনৰ বিৰোধিতা আৰম্ভ হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী দলসমূহে এই আইনখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক : মৃত পত্নীক ব্যতিক্ৰম ধৰণে জীৱন্ত কৰিলে স্বামীয়ে