ETV Bharat / state

ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰ পৰিস্কাৰ আৰু সৌন্দৰ্যবৰ্ধন - মাৰোৱাৰী যুৱ মঞ্চৰ শিৱসাগৰ জিলা শাখা

মাৰোৱাৰী যুৱ মঞ্চৰ শিৱসাগৰ জিলা শাখাৰ উদ্যোগত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰ পৰিস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে বিশেষ পদক্ষেপ ৷ ভাৰতৰ 75 তম স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত মাৰোৱাৰী যুৱ মঞ্চই শিৱসাগৰ পুখুৰীৰ পাৰ পৰিস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ এই কাৰ্যসূচী গ্ৰহণ কৰে ৷

renovation and beautification of the historic sivasagar pukhuri
ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰ পৰিস্কাৰ আৰু সৌন্দৰ্যবৰ্ধন কাৰ্যসূচী
author img

By

Published : Aug 15, 2021, 9:18 AM IST

শিৱসাগৰ, 15 আগষ্ট : ভাৰতৰ 75 তম স্বাধীনতা দিৱস উপলক্ষে মাৰোৱাৰী যুৱ মঞ্চৰ শিৱসাগৰ জিলা শাখাই গ্ৰহণ কৰিছে এক বিশেষ উদ্যোগ ৷ দেশৰ স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰৰ অগ্ৰণী সামাজিক অনুষ্ঠান মাৰোৱাৰী যুৱ মঞ্চই শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰ পৰিস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ এক কাৰ্যসূচী গ্ৰহণ কৰে ৷ সেই অনুসৰি যুৱ মঞ্চই শিৱসাগৰ পুখুৰীৰ চাৰিওকাষ চফ-চিকুণ কৰাৰ লগতে পুখুৰীৰ পাৰৰ গছসমূহত ৰং কৰি জিলিকাই তোলে ৷

লগতে পঢ়ক: টিংখাঙত 'ককা' ই স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি

জিলাখনৰ পৰ্যটনৰ অন্যতম স্থান তথা শিৱসাগৰৰ পৰিচয় বহন কৰা শিৱসাগৰ পুখুৰীৰ পাৰ পৰিস্কাৰ কৰাৰ বাবে আগবাঢ়ি আহি যুৱ মঞ্চৰ সদস্যসকলে সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে ৷ উল্লেখ্য যে, ইতিমধ্যে শিৱসাগৰৰ বিভিন্ন সামাজিক কামত সহায়ৰ হাত আগবঢ়াই মাৰোৱাৰী যুৱ মঞ্চই এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

মাৰোৱাৰী যুৱ মঞ্চই শিৱসাগৰ পুখুৰীৰ পাৰ পৰিস্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ এই কাৰ্যসূচী গ্ৰহণ কৰে

লগতে পঢ়ক: স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰত আৰক্ষীৰ পেৰেডৰ অনুশীলন

কৰ'ণাৰ সময়চোৱাতো আৰ্তজনক সহায় কৰাৰ লগতে অক্সিজেন চিলিণ্ডাৰৰ যোগান, বিনামূলীয়া চেনিটাইজেশ্বন আদি কাৰ্যসমূহকে ধৰি বিভিন্ন কাৰ্যৰে এই যুৱ অনুষ্ঠানটোৱে বিভিন্নজনক সেৱা আগবঢ়াই আহিছে ৷

সময়ে সময়ে এই যুৱ অনুষ্ঠানটোৱে চিকিৎসা শিবিৰ, ৰক্তদান শিবিৰ আদিও অনুষ্ঠিত কৰি আহিছে ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে মাৰোৱাৰী যুৱ মঞ্চৰ শিৱসাগৰ শাখাৰ এনে কাৰ্যত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: স্বাধীনতা দিৱসৰ প্ৰাক্ মূহুৰ্তত শিৱসাগৰত ফিট ইণ্ডিয়া ৰাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.