ETV Bharat / state

Maha Shivaratri Preparation: ঐতিহাসিক শিৱদ'লত শিৱৰাত্ৰীৰ প্ৰস্তুতি

শিৱসাগৰৰ ঐতিহাসিক শিৱদ'লত মহাশিৱৰাত্ৰীৰ ব্যাপক আয়োজন (Maha Shivaratri Preparation at Sivsagar Shiva Dol) ৷ ২৮ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে চাৰিদিনীয়াকৈ শিৱসাগৰৰ শিৱদ’লত অনুষ্ঠিত হ'ব শিৱৰাত্ৰি মহোৎসৱ (Shivaratri Mahotsav at Shiva Dol) ৷

Maha Shivaratri Preparation
ঐতিহাসিক শিৱদ'লত শিৱৰাত্ৰীৰ প্ৰস্তুতি
author img

By

Published : Feb 17, 2022, 10:13 PM IST

শিৱসাগৰ, 17 ফেব্ৰুৱাৰী : সমাগত মহাশিৱৰাত্ৰী উৎসৱ । দেৱাদি দেৱ মহাদেৱৰ সেৱা তথা পূজা-অৰ্চনাত মুখৰিত হ'ব দেশ । দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লতো মহাশিৱৰাত্ৰী আয়োজনত ব্যস্ত হৈ পৰিছে দ’লৰ উন্নয়ন সমিতি (Shivaratri Mahotsav at Shiva Dol)।

আগন্তুক ২৮ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে চাৰিদিনীয়াকৈ শিৱসাগৰৰ শিৱদ’লত অনুষ্ঠিত হ'ব শিৱৰাত্ৰি মহোৎসৱ (Maha Shivaratri Preparation at Sivsagar Shiva Dol)। ২৮ ফেব্ৰুৱাৰীত শিৱৰাত্ৰি মহোৎসৱ উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । ইতিমধ্যে উৎসৱৰ লগত সংগতি ৰাখি মেলাৰ বাবে বিপনীৰ আৱন্টন কাৰ্য ইতিমধ্যে আৰম্ভ কৰা হৈছে ।

ঐতিহাসিক শিৱদ'লত শিৱৰাত্ৰীৰ প্ৰস্তুতি

ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ বাবে দুটাকৈ বছৰত ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হ’ব লগা হৈছে ৷

সেয়ে এইবাৰ দ’লৰ উন্নয়ন সমিতিয়ে বিপনীৰ সংখ্যা কমাই দিয়াৰ বিপৰীতে বিপনীসমূহৰ জোখ ডাঙৰ কৰা হৈছে । ১৯ ফেব্ৰুৱাৰীলৈকে বিপনীসমূহ আৱন্টন দিয়া কাৰ্য আৰম্ভ হৈছে । জিলা প্ৰসাশনৰ সহযোগত চাৰিদিনীয়াকৈ আয়োজন হ’ব লগীয়া মহাশিৱৰাত্ৰী উৎসৱ তথা মেলাৰ সকলো কাৰ্যসূচী যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে শিৱসাগৰবাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে শিৱদ'ল উন্নয়ন সমিতিয়ে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ হ'ল নাম সলনি কৰাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.