শিৱসাগৰ, 23 নৱেম্বৰ : 'বনবাসীৰ পৰা 'দোকমোকালি' লৈ, এক দীঘলীয়া সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ আজি 89 সংখ্যক জন্মবাৰ্ষিকী ৷ 1933 চনত আজিৰ দিনটোতে শিৱসাগৰ নগৰৰ ধাই আলিত জন্ম লাভ কৰিছিল অসমীয়া সাহিত্যৰ অন্যতম মাইলৰ খুঁটি গৰাকী ৷ জন্মদিনৰ এই বিশেষ দিনটোতে প্ৰকাশ পাব সাহিত্যিকগৰাকীৰ ৰচনাৱলীৰ দ্বিতীয় আৰু তৃতীয় খণ্ড ৷
মঙলবাৰে বিয়লি শ্বাহৰ ধাই আলিৰ বাসগৃহত জন্মদিনৰ অনুষ্ঠানতে এই ৰচনাৱলী পাঠক সমাজৰ হাতত তুলি দিয়া হ’ব ৷ এই ৰচনাৱলী প্ৰকাশ কৰি উলিয়াইছে অভিজাত প্ৰকাশন সংস্থা 'কথা'ই ৷ ইয়াৰ উপৰিও এই অনুষ্ঠানতে শ্বাহৰ দ্বাৰা ৰচিত গ্ৰন্থ ‘উপকূল’ আৰু কবিতা সংকলন ‘আৰু বৰষুণ’ উন্মোচন কৰা হ’ব ৷
ঈষাণ দত্ত, বাবুল, অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা ইমৰাণ শ্বাহক অসম সাহিত্য উপত্যকা বঁটা, আজানপীৰ বঁটাৰে সন্মানিত কৰা হৈছে ৷ তেওঁৰ পৰিপুষ্ট চিন্তাধাৰাৰে সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানসেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জবানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহু কেইখন গ্ৰন্থই প্ৰাণ পাই উঠিছে ৷
সাহিত্যৰ ক্ষেত্ৰখনত তেওঁ আগবঢ়োৱা অৱদানৰ বাবেই ভাৰত চৰকাৰে তেওঁক 2021 চনৰ ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰিছে ৷ জন্মদিনৰ দিনটোত পুৱাৰে পৰা অজস্ৰ গুণমুগ্ধই তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও সাহিত্যিক গৰাকীক জন্মদিনৰ আন্তৰিক শুভেচ্ছাৰ লগতে দীৰ্ঘায়ু কামনা কৰিলো ৷
লগতে পঢ়ক: আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী