শিৱসাগৰ, 30 আগষ্টঃ শিৱসাগৰৰ গৌৰীসাগৰ সোণতলিচিগাত পথ দূৰ্ঘটনা ৷ বাৰ চকীয়া টেংকাৰ আৰু জীপচিৰ মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে নিহত চাৰিজন আৰু আহত হয় দুজনকৈ লোক ৷ নিহত আৰু আহত লোককেইজন শিৱসাগৰ বন সংমণ্ডলত কৰ্মৰত বনকৰ্মী ৷ উল্লেখযোগ্য যে, ঘটনাত গুৰুতৰ ভাৱে আহত ৰেঞ্জাৰ বুবুল বৰুৱা আৰু গাৰ্ড আজিমুদ্দিন আহমেদক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়৷ আনহাতে নিহত ফৰেষ্ট গাৰ্ড প্ৰশান্ত দত্ত(জয়ৰাপাৰ), বিপুল হাজৰিকা(গৌৰীসাগৰ বেজগাঁও), নিজাম আহমেদ(অৰ্জুনগুৰি) আৰু গাড়ীচালক প্ৰিয়ম মেচৰ মৃতদেহৰ মৰমোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত বিয়লি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে শিৱসাগৰ বন সংমণ্ডলৰ প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ অনা হয়৷
পথ দুৰ্ঘটনাত নিহত চাৰি বনকৰ্মীলৈ শেষ শ্ৰদ্ধাঞ্জলি - গৌৰীসাগৰ সোণতলিছিগাৰ পথ দুৰ্ঘটনাত নিহত চাৰি বনকৰ্মীক শিৱসাগৰ বন বিভাগৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়
গৌৰীসাগৰ সোণতলিছিগাৰ পথ দুৰ্ঘটনাত নিহত চাৰি বনকৰ্মীক শিৱসাগৰ বন বিভাগৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৷
শিৱসাগৰ, 30 আগষ্টঃ শিৱসাগৰৰ গৌৰীসাগৰ সোণতলিচিগাত পথ দূৰ্ঘটনা ৷ বাৰ চকীয়া টেংকাৰ আৰু জীপচিৰ মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে নিহত চাৰিজন আৰু আহত হয় দুজনকৈ লোক ৷ নিহত আৰু আহত লোককেইজন শিৱসাগৰ বন সংমণ্ডলত কৰ্মৰত বনকৰ্মী ৷ উল্লেখযোগ্য যে, ঘটনাত গুৰুতৰ ভাৱে আহত ৰেঞ্জাৰ বুবুল বৰুৱা আৰু গাৰ্ড আজিমুদ্দিন আহমেদক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়৷ আনহাতে নিহত ফৰেষ্ট গাৰ্ড প্ৰশান্ত দত্ত(জয়ৰাপাৰ), বিপুল হাজৰিকা(গৌৰীসাগৰ বেজগাঁও), নিজাম আহমেদ(অৰ্জুনগুৰি) আৰু গাড়ীচালক প্ৰিয়ম মেচৰ মৃতদেহৰ মৰমোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত বিয়লি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে শিৱসাগৰ বন সংমণ্ডলৰ প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ অনা হয়৷
Story-LAST_TRIBUTE
Ananta Smith
Sivasagar
30th August
শিৱসাগৰ জিলাৰ গৌৰীসাগৰ সোণতলিচিগাত আজি কাহিলীপুৱাতে সংঘটিত হয় এক ভয়ংকৰ দূৰ্ঘটনা | এখন টেংকাৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই শোকাবহ দূৰ্ঘটনা |
পুৱাতে শিৱসাগৰ বন সংমণ্ডলৰ এটি ছয়জনীয়া দল কোনো এক অভিযানত গৌৰীসাগৰ দিশে ওলাই গৈছিল | বিভাগটোৰ AS 04 T 5737 নম্বৰৰ জীপচি গাড়ীখনক এখন বাৰ চকীয়া টেংকাৰে মুখামুখি খুন্দা মৰাৰ ফলত জীপচিখন ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত পৰি যায় | ফলত ঘটনাস্থলীতে নিহত হয় ফৰেষ্ট গাৰ্ড প্ৰশান্ত দত্ত(জয়ৰাপাৰ), বিপুল হাজৰিকা(গৌৰীসাগৰ বেজগাঁও), নিজাম আহমেদ(অৰ্জুনগুৰি) আৰু গাড়ীচালক প্ৰিয়ম মেচ(নাহৰকটীয়া) |আনহাতে ঘটনাত গুৰুতৰ ভাৱে আহত ৰেঞ্জাৰ বুবুল বৰুৱা আৰু গাৰ্ড আজিমুদ্দিন আহমেদক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
নিহত লোক কেইজনৰ মৃতদেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত বিয়লি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে শিৱসাগৰ বন সংমণ্ডলৰ প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ অনা হয়।বন বিভাগৰ সকলো কৰ্মচাৰীৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া উপায়ুক্ত এছ.লক্ষ্মণনৰ লগতে অতিৰিক্ত উপায়ুক্ত, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা,১৫৯ নং কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অধিনায়ক জেকৱ,নাজিৰা মহকুমাধিপতি কাৰ্যালয় আদিকে কৰি বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু দল-সংগঠন-ৰাইজে নিহত বন বিভাগৰ কৰ্মচাৰী কেইজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।Conclusion: