আমগুৰি,10 ফেব্ৰুৱাৰী: আমগুৰি নাট্য মন্দিৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে ভূমি পট্টা বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ সমষ্টিটোৰ অন্তৰ্গত আমগুৰি ৰাজহ চক্ৰ আৰু শিৱসাগৰ ৰাজহ চক্ৰৰ জকাইচুক মৌজাৰ প্ৰায় 1800 ভূমিহীন খিলঞ্জীয়া পৰিয়ালক প্ৰদান কৰা হয় এই ভূমি পট্টা আৰু আৱন্টন পত্ৰ ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা ৷ উল্লেখ্য যে, বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ প্ৰায় 1 লাখ খিলঞ্জীয়া লোকক ভূমি পট্টা বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেইমৰ্মে বিগত ২৩ জানুৱাৰীত ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হৈ উক্ত আঁচনিখনৰ শুভাৰম্ভ কৰে ৷
![Land patta distribution at amguri sivsagar assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10566063_bbb.jpg)
উল্লেখ্য যে,এই অনুষ্ঠানত আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিতালী লাহন, অগপৰ আমগুৰি বিধান পৰিষদৰ সভাপতি, শিক্ষাবিদ বিপুল বৰকটকী, বিদ্যুৎ পৰিষদৰ প্ৰাক্তন বিষয়া অমিয় নেওগ, অগপৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক নিত্যানন্দ কলিতা, সমাজকৰ্মী বিনয় তামূলী আদি উপস্থিত থাকে ৷
![Land patta distribution at amguri sivsagar assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10566063_aa.jpg)
লগতে চাওকঃ চৌকিডিঙিৰ পৰা নিৰ্বাচনী ৰণশিঙা বজালে মুখ্যমন্ত্ৰীয়ে