শিৱসাগৰ, 2 জুলাইঃ খিলঞ্জীয়াৰ কৃষিভূমি বহিৰাগত বণিয়াক দিয়াৰ ষড়যন্ত্ৰমূলক অধ্যাদেশ বাতিলৰ দাবীত উত্তাল হৈ পৰিছে সমগ্ৰ অসম। শিৱসাগৰতো বৃহস্পতিবাৰে বীৰ লাচিত সেনাই সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদৰ কাৰ্যসূচী স্বৰূপে দাহ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি । শিৱসাগৰ নগৰৰ কে. পি. এম. চাৰিআলিত সাব্য়স্ত কৰা হয় এই প্ৰতিবাদ ।
উল্লেখযোগ্য যে, ৰাজ্যত যিকোনো ব্যক্তিয়ে তিনিবছৰলৈ কোনোধৰণৰ অনুজ্ঞাপত্ৰ, স্বীকৃতি নোহোৱাকৈ উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰাৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে তীব্ৰ প্ৰতিবাদ জোৱাৰ উঠিছে ৰাজ্যত ।
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনাই ।