ETV Bharat / state

শিৱসাগৰত ছাত্ৰ মুক্তিৰ ব্যাপক প্ৰতিবাদ - শিৱসাগৰ

অখিল গগৈকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰি নেতাৰ মুক্তিৰ দাবীত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সোমবাৰে শিৱসাগৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ।

শিৱসাগৰত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jun 8, 2020, 8:43 PM IST

শিৱসাগৰ, 8 জুনঃ কৃষক মুক্তি সংগ্রাম সমিতিৰ অখিল গগৈকে ধৰি চাৰি নেতাৰ মুক্তিৰ দাবীত সোমবাৰে শিৱসাগৰত কৃষক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ব্য়াপক প্ৰতিবাদী কাৰ্যসূচী । যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰাই চৰকাৰৰ স্বেচ্ছাচাৰী নীতিৰ ফলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰি নেতা ক্ৰমে অখিল গগৈ,বিতু সোণোৱাল,ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰক কাৰাৰুদ্ধ কৰা হৈছে ।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ 11 তাৰিখে মাওবাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল নিয়াই । তাৰ পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল বিতু,ধৈৰ্য আৰু মানসক । এই চাৰি নেতাক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জিলাৰ এখনৰ পাছত আনখন থানাত কা বিৰোধী আন্দোলনত শান্তি-শৃংখলা ব্যাঘাত কৰাৰ অভিযোগত গোচৰ পঞ্জীয়ন কৰাৰ নামত এখন জেলৰ পৰা আনখন জেললৈ ঘূৰাই ফুৰোৱা হৈছিল ।

শিৱসাগৰত ছাত্ৰ মুক্তিৰ ব্যাপক প্ৰতিবাদ

আনকি কৰ'ণা ভাইৰাছৰ আতংকৰ সময়তো মানৱতাৰ খাতিৰত মুক্তি কৰি দিয়া হোৱা নাছিল অখিল গগৈৰ লগতে আন তিনি নেতাক । চৰকাৰৰ এনে স্বেচ্ছাচাৰিতাৰ তীব্ৰ বিৰোধিতা কৰি সোমবাৰে শিৱসাগৰ জিলা ছাত্ৰমুক্তি সমিতিয়ে নগৰৰ ষ্টেছন চাৰিআলিত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । ছাত্ৰমুক্তিৰ সদস্য সকলে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অখিল গগৈকে ধৰি চাৰি নেতাৰ মুক্তি দাবী উত্থাপন কৰাৰ লগতে চৰকাৰৰ এনে অমানৱীয় কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.