ETV Bharat / state

অখিল গগৈৰ জামিন আবেদন মঞ্জুৰ আদালতৰ

author img

By

Published : Mar 28, 2020, 7:46 PM IST

যোৱা ১৯ মাৰ্চ তাৰিখৰ পৰা শিৱসাগৰ আৰক্ষীৰ জিম্মাত আছিল অখিল গগৈ ৷ যোৱা বছৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী এক গণ প্ৰতিবাদত অংশ লৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে। তাৰ পিচতে চৰকাৰৰ ৰোষত পৰিছিল অখিল গগৈ ৷

অখিল গগৈৰ জামিন আবেদন মঞ্জুৰ আদালতৰ
অখিল গগৈৰ জামিন আবেদন মঞ্জুৰ আদালতৰ

শিৱসাগৰ, 28 মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈয়ে অৱশেষত লাভ কৰিলে জামিন ৷ শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শনিবাৰে কৃষক নেতা অখিল গগৈৰ জামিন আবেদন মঞ্জুৰ কৰে।

অখিল গগৈৰ জামিন আবেদন মঞ্জুৰ আদালতৰ
যোৱা ১৯ মাৰ্চ তাৰিখৰ পৰা শিৱসাগৰ আৰক্ষীৰ জিম্মাত আছিল অখিল গগৈ ৷ যোৱা বছৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী এক গণ প্ৰতিবাদত অংশ লৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে। তাৰ পিচতে চৰকাৰৰ ৰোষত পৰিছিল অখিল গগৈ ৷ ১১ ডিচেম্বৰ তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ পাছতে শিৱসাগৰ সদৰ থানাই একাধিক ধাৰাত ১৩৪৪/১৯ নং গোচৰ ৰুজু কৰিছিল অখিল গগৈৰ বিৰুদ্ধে ।শিৱসাগৰ আৰক্ষীৰ এই গোচৰৰ ভিত্তিত যোৱা ১৭ মাৰ্চ তাৰিখে শিৱসাগৰ আদালতে গ্ৰেপ্তাৰৰ আদেশ দিছিল অখিল গগৈক। লগতে শিৱসাগৰ আৰক্ষীক ৪ দিনৰ জিম্মা দিছিল আৰু আৰু আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত ১৪ দিনৰ বাবে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল অখিল গগৈক ৷ লগতে চাওকঃ সোনাবাড়িঘাটত এগৰাকী এ আই এছ এফ কনিষ্টবলক হত্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.