শিৱসাগৰ, 9 ছেপ্টেম্বৰঃ চৰাইদেউ জিলাৰ একাংশ অঞ্চলত এতিয়া অচিন ৰোগৰ আতংক ৷ জিলাখনৰ সাপেখাতীৰ ৰাইডাং চাহ বাগিচা আৰু নামদাং চাহ বাগিচাত দেখা গৈছে এক ভয়াৱহ ৰোগ ৷ জিলাখনত বহুলোক এই ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও কেইবাজনো লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে৷ গোধা সদৃশ ৰোগত আক্ৰান্ত হৈছে বহুতো লোক ৷
আৰ্ছেনিক যুক্ত পানী সেৱন কৰাৰ ফলতেই এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ৷ শেহতীয়াকৈ 809 নং ৰাইডাং প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৰাজেশ গড় আৰু ৰাইডাং চাহ বাগিচাৰ লক্ষীৰাম গড়,মহেশ হাচঁদা,ভীম গড়,বৈশাগু গড় আৰু নামদাং চাহ বাগিচাৰ নাভিয়া ৰাজপুতকে আদি কৰি কেইবাজনো লোক এই ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও অঞ্চলটোৰ কেইবাজনো লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে ৷ ৰাইজৰ অভিযোগ,স্বাস্থ্য বিভাগে যদি শীঘ্ৰেই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে বহুলোক এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ৷