আমগুৰি, ১৪ নৱেম্বৰ: পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত আৰু সাংবাদিক সকলৰ জীৱনৰ সুনিশ্চিত নিৰাপত্তাৰ দাবীত নামতিত শুক্ৰবাৰে এক মৌন প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ নামতি প্ৰেছ গীল্ডৰ উদ্যোগত সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ সহযোগত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷
প্ৰতিবাদী সমদলত আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি,কালুগাঁও প্ৰেছ ক্লাব,আটাছু,ঐক্য সেনা অসম,অসম জাতীয় পৰিষদ,চি পি আই আদি বিভিন্ন দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰে ৷