আমগুৰি, ১৮ মে’: অসমৰ পৰ্যটন ক্ষেত্ৰখনক অধিক বিকাশ আৰু প্ৰসাৰ কৰাত পৌৰাণিক সত্ৰসমূহে বিশেষভাৱে অৰিহণা যোগাব পাৰে । অসমৰ বিভিন্ন জিলাত এনে বহু ঐতিহাসিক সত্ৰ আছে, যিসমূহ সত্ৰ পৌৰাণিক সম্পদেৰে ভৰপূৰ হৈ আছে । এনে পৌৰাণিক সম্পদৰ সঠিক সংৰক্ষণ আৰু প্ৰচাৰৰ অভাৱৰ কাৰণে পৰ্যটন দিশটো থমকি ৰ'ব লগা হৈছে । উজনি অসমৰ শিৱসাগৰ জিলাৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ পদৰঞ্জিত শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ প্ৰাচীন সত্ৰসমূহৰ ভিতৰত অন্যতম সত্ৰ । অসমৰ সমাজ জীৱনলৈ শ্ৰীশ্ৰী জৰাবাৰী সত্ৰই মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতি, পৰম্পৰা, শংকৰী কলা-কৃষ্টিৰ সম্প্ৰসাৰণ, প্ৰশিক্ষণ, সত্ৰীয়া নৃত্যৰ গভীৰ চৰ্চাৰে এক গৌৰৱ ধ্বজা বোৱাই আহিছে । সত্ৰৰ মণিকূট, কীৰ্ত্তনঘৰ, বাটচ'ৰা, পদশিলা ঘৰ আদিয়ে সত্ৰখনিৰ ঐতিহ্যক পোহৰাই ৰাখিছে । শিৱসাগৰ জিলাৰ জাঁজী জৰাবাৰী অঞ্চলৰ ২০ খনৰো অধিক গাঁৱৰ মধ্যস্থলত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ ।
১৫ শতিকাৰ মাজভাগত গড়গঞা ৰজাৰ ৰাজত্বকালত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে জাঁজী নদীৰ কাষৰীয়া হাবি-জংঘলেৰে আৱৰা অঞ্চলটোত এৰাতি কটাই জৰাটেঙা খাই ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈছিল । অঞ্চলটোত অত্যাধিক জৰাটেঙা গছ কাটি সত্ৰ প্ৰতিষ্ঠা কৰা বাবেই অঞ্চলটোৰ নাম জৰাবাৰী নামেৰে বিখ্যাত হৈ উঠে । ঐতিহাসিক চেউনী আলিৰ কাষতে অৱস্থিত শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ১৬২১ শকত(১৬৯৮ চনত) জৰাটেঙাৰ গছ কাটি প্ৰতিষ্ঠা কৰা হৈছিল । বুৰঞ্জীৰ তথ্য অনুসৰি কান্যকুঞ্জৰ সাঠৰিগ্ৰামৰ পৰা অহা বাসুদেৱ ভূঞাৰ পুত্ৰ গোপীনাথ আতৈয়ে, মধুপুৰৰ বুঢ়ীৰ-পো গোবিন্দ আতৈৰ পৰা ধৰ্মমালা, মাধৱদেৱৰ পৰা পদশিলা বস্তু লৈ, বদুলা পদ্ম আতাৰ অনুদানেৰে দিহিঙৰ সমীপৰ টিপলিং নৈৰ পাৰৰ তিপামত ৰজা জয়ধ্বজ সিংহৰ দিনত সত্ৰখনি প্ৰতিষ্ঠা কৰে (পৱিত্ৰ অসম)। তিপামতো সত্ৰখনি স্থায়ী কৰাৰ সুবিধা নেদেখি গোপীনাথ আতৈয়ে মাধৱদেৱ পদৰঞ্জিত জৰাবাৰী অঞ্চললৈ তুলি আনে । সেই সময়ত আহোম স্বৰ্গদেউ আছিল শিৱসিংহ ।
স্বৰ্গদেউ শিৱসিংহই গোপীনাথ ঠাকুৰৰ ইচ্ছাক স্থায়ীত্ব দিবৰ কাৰণে বংশীবদনৰ নামত দেৱোত্তৰ ভূমি দান কৰি সত্ৰখনি শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ নামেৰে প্ৰতিষ্ঠা কৰে । শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ বৰ্তমানলৈ উদাসীন প্ৰথাৰে চলি আহিছে । কীৰ্তন ঘৰত মহিলাই প্ৰৱেশ কৰিব নোৱাৰে । সত্ৰৰ স্থায়ী গোসাঁই যোগ্যজনক পৰিয়ালৰ মাজতে ৰাইজে নিৰ্বাচিত কৰি সত্ৰাধিকাৰ পাতে । সত্ৰাধিকাৰে উদাস প্ৰথাৰে সত্ৰ পৰিচালনা কৰে । পৰিচালনাৰ বাবে প্ৰয়োজনীয় বুঢ়াভকত, নাম লগোৱা, পাঠক আদি ভক্তসকলৰ মাজৰ পৰা নিৰ্বাচন কৰা লগতে উপাধি দিয়াৰ প্ৰথা আজিও চলি আহিছে । সত্ৰত শংকৰী সংস্কৃতি বিকাশৰ কাৰণে প্ৰত্যেক বছৰে ভাওনা, ৰাস ভাওনা উদযাপন কৰি অহা হৈছে ৷ বৰ্তমান সত্ৰৰ ৮৮ বিঘা ভূমি আছে । গুৰুত্বপূৰ্ণ বিষয় যে ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰলৈ স্বৰ্গদেউ শিৱসিংহ, গৌৰীনাথ সিংহ, জয়ধ্বজ সিংহ, লক্ষ্মীসিংহ, গদাধৰ সিংহ আৰু পুৰন্দৰ সিংহকে ধৰি আহোমৰ ১০ জনকৈ স্বৰ্গদেৱে সত্ৰলৈ বহু সমল আগবঢ়াই গৈছে ।
সত্ৰখনিত দহ কেজি ওজনৰ সাঁচিপাতত লিখা "মহাভাৰত" পুঁথি আছে । যিখন পুঁথি শ্ৰীশ্ৰী জৰাবাৰী সত্ৰৰ এক অনন্য সম্পদ । সত্ৰত আছে অসম নহয় ভাৰততে বিৰল বাৰহতীয়া "হিতোপদেশ" পুঁথি । যিখন পুঁথি অন্য কোনো সত্ৰত পাবলৈ নাই । সাঁচিপাতত সংস্কৃতত লিখিত এই বাৰহতীয়া "হিতোপদেশ" পুঁথি শ্ৰীশ্ৰী জৰাবাৰী সত্ৰই সংৰক্ষণ কৰি ৰাখিছে । সত্ৰত ১৬০ যোৰ তাল আছে । আহোমৰ ১০ জনকৈ স্বৰ্গদেৱে এই তাল যোগান ধৰিছিল । সত্ৰত এযোৰ ৩৫০ বছৰীয়া পৌৰাণিক তাল আছে । ভিন্ন সম্পদেৰে ভৰপূৰ ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰলৈ স্বৰ্গদেউ গদাধৰ সিংহই দান দিয়া সোণৰ পানীৰে খচিত সোণ পানী চৰোৱা শৰাই আছে ।
১৭৪০ শকত স্বৰ্গদেউ পুৰন্দৰ সিংহই মাহ-প্ৰসাদ তিয়াবৰ কাৰণে এটা ডাঙৰ তামৰ তৰু, এখন ডাঙৰ পিতলৰ শৰাই, বৰকাঁহৰ ঘণ্টা এটা দিছিল । স্বৰ্গদেউ লক্ষ্মীসিংহই ১৬৯২ শকত ৰৌপ্যখচিত ভোগজৰা দিছিল । ১৭০০ শকত এখন পিতলৰ শৰাই, তামৰ জৰা আৰু এখন তামৰ থালি দান দিছিল । ১৪৮২ শকত স্বৰ্ণখচিত এখন শৰাই আৰু ৰৌপ্যখচিত গুৱাৰখা পাত্ৰ আগবঢ়ায় । ১৫৮১ শকত জয়ধ্বজ সিংহই এখন পিতলৰ সঁফুৰা দান দিছিল । ১৬২১ শকত ৰুদ্ৰসিংহই কাহৰ শৰাই, স্বৰ্ণ, ৰৌপ্য থোৱা পাত্ৰ আগবঢ়ায় । সত্ৰত এখন দ'ল শৰাই, এখন বৰ শৰাই, এখন কাঁহৰ, এখন তামৰ থাল আছে । এই সত্ৰ যিজন আদিপুৰুষে প্ৰতিষ্ঠা কৰিছিল তেওঁৰ ভোজনৰ সম্ভাৰ আছে। এখন বৰকাঁহ আছে । আদিতে যাত্ৰা ভাওনা কৰোতে ব্যৱহৃত হোৱা বাদুলী চাকি আছে । ঐতিহাসিক সম্পদ হিচাপে মাধৱদেৱৰ পদচিহ্ন শিলত আছে । নিজে লিখা নামঘোষা আছে । গুৱা ভজন কৰা গুৱাচেপা আছে । কেশ আছে, অস্থি আছে, ধূলা মিটিকা আছে ।
শংকৰদেৱে নিজে লিখা মুঠাশাস্ত্ৰ আছে । শৰণ-ভজনৰ কথা আছে, দশম স্কন্ধৰ পাত এটা আছে, চিতাভস্ম আছে । অনন্য সমলেৰে পৰিপূৰ্ণ ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ অসমৰ পৰ্যটন উদ্যোগ বিকাশ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে । সত্ৰৰ কীৰ্তন ঘৰত চাৰিওদিশে কাঠত ফুলৰ মাজে মাজে ময়ুৰ চৰাই কটা বিভিন্ন চানেকি আছে । আনহাতে কীৰ্তন ঘৰত চাৰিওদিশে কাঠত অংকন কৰা ভাওনাৰ ৰজা-মহাৰজা, দৈত্য-অসূৰ, হস্তী, পুতনা, অমৃত মন্থনৰ দৃশ্য, সৰ্প, ৰাজঅভিষেক, বিষ্ণু অৱতাৰ, শিৱ-পাৰ্বতী, বুদ্ধ-কল্কি, ঘোঁৰাত উঠি যুদ্ধ কৰা দৃশ্য, কৃষ্ণ-বলোৰাম আদি নানা চিত্ৰ অংকিত হৈ আছে । অতি সুন্দৰকৈ চালে চকুৰোৱা শ্ৰীশ্ৰী জৰাবাৰী সত্ৰৰ কীৰ্তনঘৰৰ এনে মনোমোহা দৃশ্য অন্য সত্ৰত দেখিবলৈ পোৱা নাযায় । মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ পদৰঞ্জিত এই সত্ৰত যিসমূহ পৌৰাণিক সম্পদ আছে তেনে সম্পদ অন্য কোনো এখন সত্ৰতে দেখিবলৈ পোৱা নাযায় ।
উল্লেখিত সম্পদৰ উপৰিও সত্ৰত বহু সাঁচিপতীয়া পুঁথি আছে, যিসমূহ পুঁথিয়ে সত্ৰৰ ঐতিহ্যক সোণসেৰীয়া কৰি ৰাখিছে । সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ, মাধৱদেৱ আৰু বাদুলা আতাৰ তিথি-কীৰ্ত্তন তিনিদিনীয়াকৈ অনুষ্ঠিত কৰে । ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰৰ কীৰ্ত্তন ঘৰত বহাৰ আৰ্হিও সুকীয়া । কীৰ্ত্তন ঘৰৰ দক্ষিণ ফালৰ দ্বিতীয় খুঁটা সত্ৰাধিকাৰৰ আসন, দক্ষিণ ফালৰ তৃতীয় খুঁটা ডেকা-সত্ৰাধিকাৰৰ আসন । উত্তৰ ফালে পাঠকৰ পিচতে বুঢ়া ভকতৰ আসন, তাৰ পিচত উদাস ভকতৰ আসন । তাৰ পিচত বিষয়া ভকতসকলে একাদিক্ৰমে বহাৰ নিয়ম পূৰ্বৰেপৰা চলি আহিছে ।
পূৰ্বৰ পৰম্পৰা, নীতি-নিয়ম আৰু মহাপুৰুষ দুজনাৰ ধৰ্মৰ বাণী শিৰোগত কৰি ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে । এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী জৰাবাৰী সত্ৰৰ সৌন্দৰ্যবৰ্দ্ধন আৰু গৃহ নিৰ্মাণৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত অনুদান আগবঢ়াই আহিছে যদিও সমস্যাৰ অন্ত নাই শ্ৰীশ্ৰী জৰাবাৰী সত্ৰৰ । সত্ৰৰ দৌল গৃহৰ বিভিন্ন অংশত ফাট মেলিবলৈ আৰম্ভ কৰিছে । সত্ৰৰ পৌৰাণিক সম্পদ সংৰক্ষণৰ কাৰণে বিজ্ঞানসন্মত ব্যৱস্থা নকৰাৰ কাৰণে বহু সম্পদ বিপৰ্যয়ৰ দিশে আগবাঢ়িছে । এই সত্ৰ পৰ্যটকৰ বাবে আকৰ্ষণীয় হোৱাকৈ সজাই তুলিব লাগিব । পৰ্যটকক জিৰণি আৰু আশ্ৰয় গৃহৰ প্ৰয়োজন হ'ব । এক সুস্থিৰ পৰিকল্পনা আৰু সত্ৰৰ ঐতিহ্য ম্লান নপৰাকৈ সঠিক সৌন্দৰ্যবৰ্দ্ধন আৰু প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে অসমৰ পৰ্যটন মানচিত্ৰত বহু সত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । এইক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অতিকে প্ৰয়োজন । অন্যথাই সত্ৰৰ বহু সম্পদ জনচক্ষুৰ অলক্ষিতে ৰৈ যোৱাৰ লগতে বহু সম্পদ হেৰাই যাব ।
লগতে পঢ়ক : Gunotsav 2023 : দেৰগাঁৱত গুণোৎসৱত সফলতা প্ৰদৰ্শন কৰা বিদ্যালয়ৰ মুৰব্বীক সম্বৰ্ধনা