ETV Bharat / state

Massive Erosion at Amguri: আমগুৰি ভূঞাহাটত চপৰা-চপৰে খহিছে জাঁজী নদীৰ গৰা - জাঁজী নদীৰ গৰাখহনীয়া

আমগুৰি ভূঞাহাটত চপৰা-চপৰে খহিছে জাঁজী নদীৰ গৰা ৷ খহনীয়াই টোপনি হৰিছে অৰ্ধ-শতাধিক পৰিয়ালৰ ৷ নিষ্ক্রিয় জলসম্পদ বিভাগ ।

Massive Erosion at Amguri
আমগুৰি ভূঞাহাটত চপৰা-চপৰে খহিছে জাঁজী নদীৰ গৰা
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 8:55 AM IST

Updated : Oct 28, 2023, 9:26 AM IST

আমগুৰি ভূঞাহাটত চপৰা-চপৰে খহিছে জাঁজী নদীৰ গৰা

আমগুৰি, ২৮ অক্টোবৰ: চুবুৰীয়া নগাৰাজ্যৰ পৰা শিৱসাগৰ জিলাৰ আমগুৰিৰ মাজেৰে বৈ যোৱা ঐতিহাসিক জাঁজী নদীৰ গৰাখহনীয়াই সম্প্ৰতি টোপনি হৰণ কৰিছে আমগুৰিৰ কেইবাখনো গাঁৱৰ ৰাইজৰ । প্ৰাপ্ত তথ্য মতে, আমগুৰিৰ ভূঞাহাট গাঁও পঞ্চায়তৰ অধীনস্থ ভূঞাহাট কৈৱৰ্তগাঁও, সাউদ গাঁও, চাওদাং গাঁৱকে মুখ্য কৰি কেইবাখনো জাঁজী নদীপৰীয়া গাঁৱত গৰাখহনীয়াই সৃষ্টি কৰা সমস্যাই ৰাইজৰ নিদ্ৰাহৰণ কৰিছে ৷

অসম চৰকাৰৰ জলসম্পদ বিভাগক ভুক্তভোগী ৰাইজে এই গুৰুতৰ সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । যাৰবাবে সংশ্লিষ্ট গাঁৱৰ বহু লোকৰ কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে । স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে, এই গুৰুতৰ সমস্যাই দীৰ্ঘদিন ধৰি তাণ্ডৱ চলোৱাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বে নদীখনে খহনীয়া সৃষ্টি কৰা ঠাইত জল সম্পদ বিভাগে কলমৌ ৰোপনৰ ব্যৱস্থা কৰে । পৰৱৰ্তী সময়ত পাৰ্কুপাইনৰো ব্যৱস্থা কৰাৰ কথা জনা যায় যদিও সেইবিলাক প্ৰতিৰোধ ব্যৱস্থা বিজ্ঞানসন্মত নোহোৱাত চৰকাৰী ধন পানীত পৰিল ।

বৰ্তমানেও উল্লেখিত ঠাইত জাঁজী নদীৰ গৰাখহনীয়া অব্যাহত হৈ থকাত অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে যদিও এই সমস্যা অসম চৰকাৰৰ জল সম্পদ বিভাগৰ চকুত নপৰাত ভুক্তভোগী ৰাইজ ক্ষুব্ধ হৈ উঠিছে । স্থানীয় ৰাইজৰ কৃষিভূমি, গ্ৰাম্য পথৰ লগতে জাঁজী নদীপৰীয়া বহু লোকৰ বাসভূমি সম্প্ৰতি নদীত জাহ যোৱাৰ পিচতো নদীখনৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰী সংশ্লিষ্ট বিভাগে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাটো চৰম পৰিতাপৰ বিষয় হৈ পৰিছে ।

অঞ্চলটোৰ ৰাইজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী লোকে দাবী জনাই আহিছে যদিও বিভাগটোৱে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাটো চৰম পৰিতাপৰ বিষয় হৈ পৰিছে । অঞ্চলটোৰ ৰাইজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে ।

লগতে পঢ়ক: Kulshi river erosion:বিপদ নমাই আনিছে কুলশী নৈৰ গৰাখহনীয়াই

Last Updated : Oct 28, 2023, 9:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.