ETV Bharat / state

মূল্যবৃদ্ধিয়ে সেৰেঙা কৰিলে বিহুৰ আনন্দ - মূল্যবৃদ্ধিয়ে সেৰেঙা কৰিলে বিহুৰ আনন্দ

বছৰজোৰা অপেক্ষাৰ অন্তত আহি পালে অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহু । সকলোতে প্ৰস্তুতি চলিছে যদিও পূৰ্বৰ দৰে ৰাইজৰ মনত উছাহ নাই । মূল্যবৃদ্ধিয়ে ম্লান পেলাইছে বিহুৰ আনন্দত (Impact of price rise on Bihu market)। বিহুৰ প্ৰাকক্ষণত মূল্যবৃদ্ধিকলৈ শিৱসাগৰ জিলাত ৰাইজৰ কেনে প্ৰতিক্ৰিয়া ? চাও আহক এই প্ৰতিবেদনত ।

Bihu
মূল্যবৃদ্ধিয়ে সেৰেঙা কৰিলে বিহুৰ আনন্দ
author img

By

Published : Apr 6, 2022, 8:08 PM IST

শিৱসাগৰ,৫ এপ্ৰিল : এবছৰৰ অপেক্ষাৰ অন্তত আহি পালে ৰঙালী বিহু । সকলোতে চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি (Rongali Bihu preparation in Assam)। কিন্তু মানুহৰ মনত পূৰ্বৰ দৰে নাই উছাহ । কাৰণ মূল্যবৃদ্ধি (Price hike ahead of Rongali Bihu)।

মূল্যবৃদ্ধিয়ে কঙালী কৰা ৰাইজে কেনেদৰে উলহ-মালহেৰে উদযাপন কৰিব ৰঙালী (Impact of price rise on Bihu market)। বিহুৰ বজাৰলৈ গৈ বহুতে খালী মোনাৰে উভটিছে ঘৰলৈ । প্ৰতিটো সামগ্ৰীৰে জুই চাই দাম । দোমোজাত সমাজৰ সৰ্বসাধাৰণ ৰাইজ ।

মূল্যবৃদ্ধিয়ে সেৰেঙা কৰিলে বিহুৰ আনন্দ

বিগত ১৩ দিনে একেৰাহে বাঢ়িয়ে আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । পেট্ৰ'লে চেঞ্চুৰীত নটআউট হৈ থকাৰ মাজতে ডিজেলেও আৰু দুদিন পাছতে মাৰিব চেঞ্চুৰী । মিঠাতেলৰ আকৌ ডাবল চেঞ্চুৰী । বাকী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰো একেই মূল্যবৃদ্ধি ।

একপ্ৰকাৰ জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । ক'ভিডে কঁকাল ভাঙি থৈ যোৱাৰ পাছত এইবাৰ মূল্যবৃদ্ধিয়ে সমস্যাত পেলাইছে ৰাইজক । এনে এক পৰিস্থিতিত কেনেদৰে প্ৰৱল হেপাহেৰে ৰঙালীক আদৰিব অসমীয়াই ।

সামগ্ৰী উভৈনদী যদিও বিহুৰ বজাৰত পূৰ্বৰ দৰে নাই ভিৰ । যাৰ বাবে বিক্ৰেতাসকলো পৰিছে সমস্যাত । মুঠতে পৰিৱৰ্তনৰ শ্ল'গান দি দুবাৰকৈ শাসনলৈ অহা বিজেপি চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত একেবাৰে ব্যৰ্থ । ৰাজ্যসভা, পৌৰ নিগম আৰু উপ নিৰ্বাচনত ব্যস্ত ৰজাঘৰে একপ্ৰকাৰ পিঠি দিছে সৰ্বসাধাৰণ ৰাইজৰ এই সমস্যাকলৈ । যাৰ বাবে ভিন্ন স্থানত চৰকাৰৰ বিৰুদ্ধে হৈছে প্ৰতিবাদ ।

লগতে পঢ়ক :অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.