ETV Bharat / state

দিখৌ নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা ভস্ম বিসৰ্জন - আজি শিৱসাগৰত

আজি শিৱসাগৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা ভস্ম বিসৰ্জন দিলে পুত্ৰ গৌৰৱ গগৈয়ে । সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰি অজস্ৰ জনে স্মৰণ কৰিলে জননেতাজনক । শিৱসাগৰত জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত সদ্য প্রয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিতা ভস্ম দিখৌ নৈত বিসৰ্জন দিলে পুত্ৰ গৌৰৱে ।

দিখৌ নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা ভস্ম বিসৰ্জন

author img

By

Published : Dec 12, 2020, 6:38 PM IST

শিৱসাগৰ, ১২ ডিচেম্বৰ : অসমৰ ৰাজনীতিত নিজৰ বিচক্ষণতা, দূৰদর্শী চিন্তাধাৰা আৰু বুদ্ধিমত্তাৰে নিজৰ ৰাজনৈতিক জীৱনৰ পৰিচয় দাঙি ধৰি অসমৰ জনগণৰ মানসপটত নিজৰ কর্মদক্ষতাৰ ছবি খোদিত কৰিবলৈ সক্ষম হোৱা সদ্য প্রয়াত তৰুণ গগৈৰ মৃত্যুত ম্ৰীয়মান ৰাজ্যবাসী । ৰাজ্যবাসীৰ অগাধ শ্রদ্ধাৰ প্রতি লক্ষ্য ৰাখি জননেতাজনৰ পৱিত্ৰ চিতা ভষ্ম ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানলৈ নিয়া হৈছে ।

দিখৌ নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতা ভস্ম বিসৰ্জন

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যজুৰি যি সদ্ভাৱনা যাত্ৰা আয়োজন কৰিছে তাৰ পৰিপেক্ষিতত চিতা ভস্ম যোৱা ৯ ডিচেম্বৰত যোৰহাটৰ পৰা শিৱসাগৰলৈ অনা হয় । আজি পুৱা ৮ বজাৰ পৰা নগৰৰ মাজমজিয়াত প্রয়াত নেতাগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সর্বধর্মীয় উপাসনাৰে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰা হয় ।

ইয়াৰ পাছতে নগৰৰ মাজেৰে চিতা ভষ্ম লৈ দিখৌ দলং ঘাটলৈ পদ যাত্রা কৰি নৈৰ বুকুত বিসর্জন দিয়া হয় । সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে জননেতা গৰাকীৰ চিতা ভষ্ম বিসৰ্জন তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে অজস্ৰ জন গুণমুগ্ধই । চিতা ভস্ম দিখৌ নৈত বিসৰ্জন দি পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে কয় যে, ৰাজ্যৰ আন জিলাসমূহলৈও তৰুণ গগৈৰ চিতা ভস্ম লৈ যোৱা হ'ব ।

লগতে পঢ়ক:CAA ৰ বিৰোধিতাৰে গোলাঘাটত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.