ETV Bharat / state

আমগুৰিত বহিঃৰাজ্যৰ গাহৰিৰ চিণ্ডিকেট : জব্দ গাহৰি ভৰ্তি 3খন ট্ৰাক - চোৰাং গাহৰিৰ ট্ৰাক জব্দ

ৰাজ্যত অব্যাহত বহিঃৰাজ্যৰ চোৰাং গাহৰিৰ ৰমৰমীয়া বেহা ৷ আমগুৰিত 3 খন ট্ৰাকত 3 টন চোৰাং গাহৰি জব্দ (Illegal pig smuggling at Amguri) ৷

illegal-pig-smuggling-at-amguri
illegal-pig-smuggling-at-amguri
author img

By

Published : Jun 21, 2022, 2:36 PM IST

আমগুৰি, ২১ জুন : শিৱসাগৰৰ আমগুৰিৰ হালোৱাটিঙত বহিঃৰাজ্যৰ গাহৰিৰ মুক্ত চিণ্ডিকেট অব্যাহত আছে (Illegal pig smuggling at Amguri) ৷ মঙলবাৰে হালোৱাটিং আৰক্ষীয়ে নাগালেণ্ডলৈ সৰবৰাহৰ সময়তে তিনিখনকৈ চোৰাং গাহৰিৰ ট্ৰাক হাতে লোটে ধৰিবলৈ সক্ষম হয় (Pig ladened truck seized)৷

জানিব পৰামতে কৰ্ণাটকৰ পৰা ৰে'লেৰে সৰবৰাহ হোৱা বহিঃৰাজ্যৰ গাহৰিসমূহ মৰিয়নিৰ পৰা 10/12 চকীয়া ট্ৰাকেৰে নাগালেণ্ডলৈ সৰবৰাহ হয় ৷ একাংশ অসাধু ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ বহিঃৰাজ্যৰ গাহৰিৰ অবৈধ সৰবৰাহ আৰু বিক্ৰীৰ জড়িয়তে চিণ্ডিকেট চক্ৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ কোটি কোটি টকা ৰাজহ ফাঁকিৰে অবাধে উত্তৰ প্ৰদেশ, কৰ্ণাটকৰপৰা সৰবৰাহ হৈ আহিছে এই অবৈধ গাহৰিৰ মুক্ত সৰবৰাহ ৷

ৰাজ্যখনৰ থলুৱা গাহৰিপালকৰ মূৰত মাধমাৰ সোধাই গাহৰিৰ চিণ্ডিকেট চক্ৰটোৱে অসমত ছোৱাইন ফ্লুৰ দৰে মাৰাত্মক বেমাৰৰ বীজাণু বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে জাতীয় দন সংগঠনে ৷ ইয়াৰ ফলত বিভিন্ন সময়ত অসমৰ হাজাৰ হাজাৰ গাহৰি মৃত্যুৰ মুখত পৰাৰ ফলত পালকসকল লোকচানৰ সন্মুখীন হৈছে ৷

আৰক্ষীয়ে NL 02 L-- 0041, NL 02AA 0020 আৰু NL 07 A 4713 নম্বৰৰ তিনিখনকৈ ট্ৰাক জব্দ কৰাৰ লগতে 3 টন গাহৰি জব্দ কৰে ৷ আৰক্ষীয়ে ট্ৰাককেইখনৰপৰা কেবাখনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে ৷

আমগুৰিত বহিঃৰাজ্যৰ গাহৰিৰ চিণ্ডিকেট : জব্দ গাহৰি ভৰ্তি 3খন ট্ৰাক

উল্লেখ্য যে, আমগুৰি আৰক্ষী থানা, হালোৱাটিং আৰক্ষী থানা আৰু নামতি আৰক্ষী থানাৰ সন্মুখেৰে দৈনিক নগালেণ্ডলৈ চালান হৈ আহিছে এই চোৰাং গাহৰি । এই সন্দৰ্ভত জাতীয় সংঘটনৰ বিষয়ববীয়াই কয় যে, চিণ্ডিকেট চক্ৰটোৱে সৰবাৰহ কৰোতে ব্যৱহাৰ কৰা বাহনসমূহৰ কোনো কেট'ল পাৰ্মিট নথকাৰ লগতে অসম চৰকাৰৰ পশুপালন সৰবৰাহৰ নিয়ম, খাদ্য সুৰক্ষা, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাও অমান্য কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি অসমৰ প্ৰায় 10 লাখ গাহৰি পালকৰ সুৰক্ষাক সংকটত ৰাখি সমগ্ৰ অসমতে গাহৰিৰ চিণ্ডিকেট চলাই আহিছে এই অসাধু চক্ৰই ৷

লগতে পঢ়ক : Illegal Cattle Smuggling : ধেমাজিত গৰুসহ পাঁচজন চোৰাং সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.