ETV Bharat / state

অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ ঐতিহাসিক চৰ’গুৱা

author img

By

Published : Feb 8, 2020, 3:32 PM IST

কেন্দ্ৰীয় চৰকাৰে "আইক’নিক চাইট" হিচাপে নিৰ্বাচন কৰা দেশৰ ৫টা ক্ষেত্ৰৰ ভিতৰত শিৱসাগৰ অন্তৰ্ভুক্ত হোৱাৰ সময়তে আহোমৰ দ্বিতীয় ৰাজধানী চৰ’গুৱা পুনৰবাৰ উপেক্ষিত হোৱাৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে ৷ চৰ'গুৱাৰ ঐতিহাসিক সমলসমূহ কেন্দ্ৰীয় বা ৰাজ্যিক পুৰাতত্ত্ব কোনো এটা বিভাগতে মজুত নথকাত অঞ্চলবাসী শংকিত হৈ পৰিছে ৷

শিৱসাগৰ
আইক’নিক চাইট শিৱসাগৰৰ চৰ’গুৱা

শিৱসাগৰ,8 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে "আইক’নিক চাইট" হিচাপে নিৰ্বাচন কৰা দেশৰ ৫টা ক্ষেত্ৰৰ ভিতৰত শিৱসাগৰ অন্তৰ্ভুক্ত হোৱাৰ সময়তে আহোমৰ দ্বিতীয় ৰাজধানী চৰ’গুৱা পুনৰবাৰ উপেক্ষিত হোৱাৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে ৷ ৰংঘৰ-কাৰেংঘৰতকৈ বহু পুৰণি ঐতিহাসিক সমল সিঁচৰিত হৈ আছে ডিমৌৰ চৰ’গুৱাত ।

আইক’নিক চাইট শিৱসাগৰৰ চৰ’গুৱা

স্বৰ্গদেউ চুডাংফা বামুণী কোঁৱৰে স্থাপন কৰা দ্বিতীয়খন ৰাজধানীত প্ৰায় ডেৰশ বছৰ ৰাজত্ব কৰিছিল ৭ জনকৈ আহোম স্বৰ্গদেউয়ে । সেই সময়ৰ বহু কীৰ্তিচিহ্ন বৰ্তমান চৰকাৰৰ অমনোযোগিতাৰ বাবে উপেক্ষিত হৈ জহি-খহি গৈছে । চৰ’গুৱা বৰ মৈদাম,বৰ পুখুৰী তথা ৰাজধানীৰ ভেটিসমূহৰ লগতে বহু ঐতিহাসিক সমল আজিও পৰি ৰৈছে চৰ’গুৱাৰ বুকুত। তদুপৰি উজনি অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্যখনো আছে এই চৰ’গুৱাতে। লক্ষণীয় যে,কেন্দ্ৰীয় চৰকাৰৰ বাজেটত স্থান পোৱা শিৱসাগৰৰ উন্নয়নে জিলাখনৰ ভিতৰুৱা অঞ্চল চৰ'গুৱাকো সামৰি ল’লে অঞ্চলটোৰ ঐতিহাসিক সমলসমূহ ৰক্ষা পৰাৰ লগতে সংৰক্ষণ কৰিব পাৰিব । চৰ'গুৱাৰ ঐতিহাসিক সমলসমূহ কেন্দ্ৰীয় বা ৰাজ্যিক পুৰাতত্ত্ব কোনো এটা বিভাগতে মজুত নথকাত অঞ্চলবাসী শংকিত হৈ পৰিছে ৷

অস্তিত্ব ৰক্ষাৰ যুঁজত চৰ’গুৱা

লগতে চাওকঃকৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত কৰ’ণা ভাইৰাছক লৈ ব্যাপক সতৰ্কতা

Intro:Body:
অস্তিত্ব ৰক্ষাৰ যুঁজত ঐতিহাসিক চৰ'গুৱা। কেন্দ্ৰীয় চৰকাৰে ICONIC SITE হিচাবে নিৰ্বাচন কৰা দেশৰ ৫ খন ক্ষেত্ৰৰ ভিতৰত শিৱসাগৰ অন্তৰ্ভুক্ত হোৱাৰ সময়তে প্ৰশ্ন উত্থাপন হৈছে আহোমৰ দ্বিতীয় ৰাজধানী চৰ'গুৱা পুনৰবাৰ উপেক্ষিত হৈ ৰ'ব নেকি? ৰংঘৰ-কাৰেংঘৰত কৈ বহু পুৰণি ঐতিহাসিক সমল সিঁচৰতি হৈ আছে ডিমৌৰ চৰ'গুৱাত। স্বৰ্গদেও চুডাংফা বামুণী কোঁৱৰে স্থাপন কৰা এই দ্বিতীয়খন ৰাজধানী প্ৰায় ডেৰশ বছৰ ৰাজত্ব কৰিছিল ৭ জনকৈ স্বৰ্গদেউয়ে। সেই সময়ৰ বহু কীৰ্তিচিহ্ন এতিয়াও চৰকাৰৰ অমনোযোগিতাত উপেক্ষিত হৈ জহি খহি গৈছে। চৰ'গুৱা বৰ মৈদাম,বৰ পুখুৰী,ৰাজধানীৰ ভেটি সমূহৰ লগতে বহু ঐতিহাসিক সমল আজিও সিঁচৰতি হৈ পৰি আছে চৰ'গুৱাৰ বুকুত। তদুপৰি উজনি অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্যখনো আছে এই চৰ'গুৱাতে। লক্ষণীয় যে, কেন্দ্ৰীয় চৰকাৰৰ বাজেটত স্থান পোৱা শিৱসাগৰৰ উন্নয়নে জিলাখনৰ ভিতৰৰ এই চৰ'গুৱাকো সামৰি ললে নিশ্চয় অঞ্চলটোৰ ঐতিহাসিক সমল সমূহ ৰক্ষা পৰিব। আজিৰ তাৰিখৰ লৈকে ইয়াৰ ঐতিহাসিক সমল সমূহ কেন্দ্ৰীয় পুৰাতত্ত্ব নতুবা ৰাজ্যিক পুৰাত্ত্বত বিভাগ কোনো এটাৰে হাতত নথকাত অঞ্চল বাসী সংকিত হৈছে পুনৰবাৰ উপেক্ষিত হ'ব নেকি ঐতিহাসিক চৰ'গুৱা।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.