ETV Bharat / state

শিৱসাগৰত দিচাং নদীৰ প্ৰৱল খহনীয়া: চৰকাৰী বিদ্যালয়লৈ নামিছে অশানি সংকেত

চপৰা-চপৰে খহিছে দিচাং নৈৰ গৰা(Erosion in Disang river) । নৈত জাহ যোৱাৰ উপক্ৰম হৈছে শিৱসাগৰৰ এখন চৰকাৰী বিদ্য়ালয় । ১৯৭৯ চনতে স্থাপিত হোৱা দিচাং চাউলকৰা প্ৰাথমিক বিদ্যালয়লৈ নামি অহা অশানি সংকেতক লৈ চিন্তিত বিদ্যালয় কৰ্তৃপক্ষ(Government school on the verge of erosion in Sivasagar) ।

author img

By

Published : Jun 19, 2022, 1:57 PM IST

huge erosion in disang river in sivasagar
শিৱসাগৰত দিচাং নদীৰ প্ৰৱল খহনীয়া: চৰকাৰী বিদ্যালয়লৈ নামিছে অশানি সংকেট

শিৱসাগৰ,১৯ জুন: দিচাং নদীৰ গৰাখহনীয়াই ভয়ানকৰূপ ধাৰণ কৰিছে শিৱসাগৰত(Erosion in Disang river) । নৈত জাহ যোৱা উপক্ৰম ঘটিছে এখন চৰকাৰী বিদ্যালয় । শিৱসাগৰ নগৰৰ কিছু নিলগত শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ দুই নং চাউলকৰাত দিচাং নদীৰ গৰাখহনীয়াই ভয়ানকৰূপ ধাৰণ কৰিছে । দিচাঙৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ১৯৭৯ চনতে স্থাপিত হোৱা দিচাং চাউলকৰা প্ৰাথমিক বিদ্যালয়(Government school on the verge of erosion) ।

নদীৰ খহনীয়াত ইতিমধ্যে বিদ্যালয়খনৰ পিছফালৰ ভূমি ক্ৰমান্বয়ে খহি অহা পৰিলক্ষিত হৈছে । কিন্তু জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কোনো স্থায়ী পদক্ষেপ নোলোৱাত এইবাৰ সম্পূৰ্ণ বিদ্যালয়খন নদীৰ বুকুত নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে । বিদ্যালয়খনৰ মূল খুঁটা আৰু পকী বেৰা নদীৰ বুকুত জাহ যাবলৈ মাত্ৰ এক-ডেৰ ফুটহে বাকী থকাত শংকিত হৈ পৰিছে ৬৩ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰী, বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱক তথা স্থানীয় ৰাইজ ।

চৰকাৰী বিদ্যালয়লৈ নামিছে অশানি সংকেত

ইপিনে এই ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীয়ে বাঁহৰ গোজ দিয়েই নিজৰ দায়িত্ব সামৰা পৰিলক্ষিত হৈছে । এতিয়া বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলৰ চৰকাৰলৈ আহ্বান অতিশীঘ্ৰে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক চৰকাৰৰ উৰ্ধতম কৰ্তৃপক্ষই ।

ইয়াৰ পাছতো স্থানীয় বিধায়ক বা জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব সময়ত লক্ষ্যণীয় ।

লগতে পঢ়ক: Assam floods: বানৰ কৱলৰ পৰা কমলপুৰবাসীক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.