আমগুৰি, ২০ ছেপ্টেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আমগুৰিত অবৈধ নিচা জাতীয় সামগ্ৰী তথা চুলাই মদ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে আৰক্ষী (Operation against illegal wine at Amguri)৷ আমগুৰি আৰক্ষীৰ দলে সোমবাৰে আমগুৰিৰ দেওৰজা, মানটনিয়া, উত্তৰ ঘৰফলীয়া, জেহেনীয়া, পুলিবড়, জৰাধৰাত অবৈধ চুলাই মদৰ ভাটীত তীব্ৰ অভিযান চলায় আৰু নষ্ট কৰি পেলায় প্ৰায় পাঁচ হাজাৰ লিটাৰতকৈ অধিক চুলাই মদ ।
তদুপৰি চুলাই বনোৱা ঘৰকে ধৰি অভিযানকালত সা-সৰঞ্জাম আৰক্ষীয়ে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে ৷ আৰক্ষীৰ দলটোৱে অভিযান চলাই হাবি-জংঘলৰ ভিতৰৰ পৰা বহু ড্ৰাম ভাঙি পেলায় । দলটোৱে বাহনিৰ লগতে নদীৰ কাষত অভিযান চলায়ো বহু হাজাৰ চুলাইৰ পাছ নষ্ট কৰিবলৈ সক্ষম হয় । ড্ৰামত লুকুৱাই ৰখা অৱস্থাত হাজাৰ হাজাৰ লিটাৰ চুলাই উদ্ধাৰ কৰে আৰক্ষী দলটোৱে (Large quantity of illegal liquor destroy at amguri) ।
উল্লেখ্য যে, চুলাই ব্যৱসায়ীয়ে অস্বাস্থ্যকৰভাৱে, বাঁহনিৰ তলত, চাহ বাগিচাৰ মাজত অতি মাৰাত্মকভাৱে প্ৰস্তুত কৰি আহিছে বৰবিহ চুলাই ৷ অৱশ্যে অভিযানকালত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কাকো আটক কৰিবলৈ সক্ষম নহ'ল ৷
লগতে পঢ়ক: চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদত বহিল বঞ্চিত শিক্ষক