ETV Bharat / state

সংৰক্ষণৰ অভাৱত সংকটৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক বৰ পুখুৰী - শিৱসাগৰৰ ঐতিহাসিক বৰ পুখুৰী

সংকটৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক বৰ পুখুৰী ৷ বেদখলৰ প্ৰভাৱৰ লগতে জাৱৰ নিক্ষেপৰ ফলত সম্প্ৰতি সংকোচিত হ'বলৈ ধৰিছে পুখুৰীৰ পৰিসৰ ৷

AS_SVR_19TH_JUNE_801-807_BOR_PUKHURI_7203499

author img

By

Published : Jun 19, 2020, 4:06 PM IST

শিৱসাগৰ, 19 জুনঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই কলঞ্চুপৰীয়া গোঁহাই গাঁৱৰ ১৯৪ পুৰা ২ বিঘা (৫২ হেক্টৰ) মাটিত এক পুখুৰী খন্দাই, তাৰ পাৰত নিৰ্মাণ কৰিছিল তিনিটা দ'ল ৷ ভাৰতৰ ভিতৰতে সৰ্বোচ্চ সোণৰ কলচী লগোৱা শিৱ দ'লৰ লগতে চৰ্তুভূজা দেৱী দ'ল আৰু কাৰুকাৰ্য খচিত বিষ্ণু দ'ল নিৰ্মাণ কৰা হৈছিল ৷ ১৭৩৪ খ্ৰীষ্টাব্দত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা এই সম্পদ সমূহ প্ৰায় চাৰি বছৰৰ পাচত সম্পূৰ্ণ হৈছিল ৷ তেতিয়াৰ পৰা প্ৰায় ৩০০ বছৰ সম্পূৰ্ণ কৰা এই ঐতিহাসিক সমলসমূহ দেশৰ আপুৰুগীয়া সম্পদ হিচাপে পৰিগণিত হৈ আহিছে ৷ তিনি দ'লৰ লগতে শিৱসাগৰ পুখুৰীও বৰ্তমান দেশী-বিদেশী পৰ্যটকৰ পৰ্যটনস্থলী ৷

ঐতিহাসিক শিৱদ'ল
ঐতিহাসিক শিৱদ'ল

আহোম নিৰ্মাণ শৈলীৰ অন্যতম উচ্চ নিদৰ্শন বৰ পুখুৰীৰ নিৰ্মাণ আজিৰ দিনত এক আশ্চৰ্য ৷ প্ৰকৃততে আহোম দিনৰ পুখুৰী বিশেষজ্ঞ সকলে তেতিয়াৰ দিনত পুখুৰী খন্দা নাছিল, পাৰহে বন্ধাইছিল ৷ পুখুৰীৰ পাৰ বান্ধি শ শ মাটিৰ চাকি জ্বলাই পৰীক্ষা কৰিছিল পানীৰ উঁহ অথবা উৎস ৷ চাকি সমূহৰ ভিতৰত বতাহ নমৰাকৈ যিবোৰ চাকি নুমাই গৈছিল সেই স্থানত পোতা হৈছিল নাগমাৰি ৷ পুখুৰীৰ পাৰ বন্ধা সম্পূৰ্ণ হোৱাৰ পাচত নাগমাৰিৰ উঁহ ফুটাৰে পানী ভৰ্তি কৰা হৈছিল পুখুৰীত ৷ এই পুখুৰীত বছৰৰ সকলো সকলো সময়ত ভৰি থাকে পানীৰে ৷

সংৰক্ষণৰ অভাৱত সংকটৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক বৰ পুখুৰী

কিন্তু সম্প্ৰতি সংকটৰ গৰাহত এই ঐতিহাসিক বৰ পুখুৰী ৷ বেদখলৰ প্ৰভাৱত এতিয়া সংকোচিত হ'বলৈ ধৰিছে এই পুখুৰীৰ পৰিসৰ ৷ এনে পুখুৰী সমূহৰ সংৰক্ষণ আৰু বৰ্তি থকাৰ অন্যতম কাৰিকৰী ব্যৱস্থা যমুনা সমূহ সময়ত পৰিষ্কাৰ নকৰা আৰু ৰাইজে জাৱৰ নিক্ষেপ কৰাৰ ফলত ক্ৰমে পোত খাই যাবলৈ ধৰিছে ৷ বেদখলৰ প্ৰকোপত বৰ পুখুৰী ৰক্ষাৰ্থে নিৰ্মাণ কৰা যমুনা সমূহ একো একোটা খালত পৰিণত হৈছে ৷ ঐতিহাসিক গুৰুত্ব, নিৰ্মাণ প্ৰযুক্তি, বৈজ্ঞানিক ভিত্তি আদি জড়িত হৈ থকা শিৱসাগৰ পুখুৰী এতিয়া অৱহেলিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে বহু লোকে ৷ এই পুখুৰীৰ কোনো গৰাকী নাই ৷ পুখুৰীৰ পাৰৰ দ'ল কেইটা কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ তত্বাৱধানত আছে যদিও, আজিলৈ পুখুৰীৰ দায়িত্ব কোনো বিভাগৰ হাতত নাই ৷ অনতিপলমে যদি শিৱসাগৰ পুখুৰীক কেন্দ্ৰ কৰি চৰকাৰে এক বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পুখুৰীৰ লগতে, ঐতিহাসিক দ'ল তিনিটালৈয়ো সংকট নামি অহাৰ আশংকা কৰিছে সচেতন লোকে ৷

সংকটৰ গৰাহত এই ঐতিহাসিক বৰ পুখুৰী
সংকটৰ গৰাহত এই ঐতিহাসিক বৰ পুখুৰী

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.