শিৱসাগৰ,27 ছেপ্তেম্বৰঃ শিৱসাগৰৰ আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ মন্ত্ৰপুথি উদ্ধাৰ ৷ গাঁওখনৰ ধোৱাচাঙত আৱদ্ধ হৈ থকা আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ পুথিবোৰৰ বাতৰি ইতিমধ্যেই প্ৰচাৰ হৈছে ইটিভি ভাৰতত ৷ এই বাতৰি সম্প্ৰচাৰৰ পিছতেই দেওধাই গাঁওৰ শতায়ু গৰকা হৰকান্ত ফুকনৰ বাসগৃহত উপস্থিত হ'ল আমগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ ছাত্ৰ-ছাত্ৰী সকল ৷ ছাত্ৰ-ছাত্ৰীসকলে বুৰঞ্জীৰ অনন্য সমল সম্বলিত মন্ত্ৰপুথিকে ধৰি, সাঁচিপতীয়া পুথি, তালপাতৰ পুথি, হস্তীবিদ্যাৰ্ণৱ পুথি, কাঠি বানচেং, বিষৰ মন্ত্ৰ পুথিকে ধৰি সাঁচিপাতৰ পুথি ইত্যাদি অধ্যয়ন কৰে ৷ ঐতিহাসিক সমলেৰে সম্পদশালী আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আজিও অব্যাহত টাই-আহোম পৰম্পৰাৰ চানেকি৷ পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা গাঁওখনত ইমানদিনে ধোৱাচাংত আৱদ্ধ হৈ আছিল ছশ বছৰীয়া দুস্প্ৰাপ্য পুথিসমুহ ৷ আহোম ৰাজত্বৰ ঐতিহাসিক সম্পদবিলাক ধোৱাচাঙৰ পৰা উদ্ধাৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ প্ৰয়োজন ৷ এইক্ষেত্ৰত কেন্দ্ৰীয় অথবা ৰাজ্যৰ পুৰাতত্ব বিভাগে সময় থাকোতেই সংৰক্ষণৰ ব্যৱস্থা নকৰিলে ঐতিহাসিক সম্পদসমুহ ধোৱাচাঙৰ ওপৰতে আৱদ্ধ হৈ ৰ'ব বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
আহোম ৰাজত্বৰ ছশ বছৰীয়া দুস্প্ৰাপ্য পুথি উদ্ধাৰ - Sivsagar
শিৱসাগৰৰ আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ মন্ত্ৰপুথি উদ্ধাৰ ৷ দেওধাই গাঁওৰ শতায়ু গৰকা হৰকান্ত ফুকনৰ বাসগৃহত উপস্থিত হ'ল আমগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগ ৷
শিৱসাগৰ,27 ছেপ্তেম্বৰঃ শিৱসাগৰৰ আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ মন্ত্ৰপুথি উদ্ধাৰ ৷ গাঁওখনৰ ধোৱাচাঙত আৱদ্ধ হৈ থকা আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ পুথিবোৰৰ বাতৰি ইতিমধ্যেই প্ৰচাৰ হৈছে ইটিভি ভাৰতত ৷ এই বাতৰি সম্প্ৰচাৰৰ পিছতেই দেওধাই গাঁওৰ শতায়ু গৰকা হৰকান্ত ফুকনৰ বাসগৃহত উপস্থিত হ'ল আমগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ ছাত্ৰ-ছাত্ৰী সকল ৷ ছাত্ৰ-ছাত্ৰীসকলে বুৰঞ্জীৰ অনন্য সমল সম্বলিত মন্ত্ৰপুথিকে ধৰি, সাঁচিপতীয়া পুথি, তালপাতৰ পুথি, হস্তীবিদ্যাৰ্ণৱ পুথি, কাঠি বানচেং, বিষৰ মন্ত্ৰ পুথিকে ধৰি সাঁচিপাতৰ পুথি ইত্যাদি অধ্যয়ন কৰে ৷ ঐতিহাসিক সমলেৰে সম্পদশালী আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আজিও অব্যাহত টাই-আহোম পৰম্পৰাৰ চানেকি৷ পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা গাঁওখনত ইমানদিনে ধোৱাচাংত আৱদ্ধ হৈ আছিল ছশ বছৰীয়া দুস্প্ৰাপ্য পুথিসমুহ ৷ আহোম ৰাজত্বৰ ঐতিহাসিক সম্পদবিলাক ধোৱাচাঙৰ পৰা উদ্ধাৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ প্ৰয়োজন ৷ এইক্ষেত্ৰত কেন্দ্ৰীয় অথবা ৰাজ্যৰ পুৰাতত্ব বিভাগে সময় থাকোতেই সংৰক্ষণৰ ব্যৱস্থা নকৰিলে ঐতিহাসিক সম্পদসমুহ ধোৱাচাঙৰ ওপৰতে আৱদ্ধ হৈ ৰ'ব বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷
Samiran Duarah
27/9/19
ইটিভি ভাৰত অসমত সম্প্ৰচাৰ হৈছিল আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত ধোৱাচাংত আৱদ্ধ হৈ থকা আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ মন্ত্ৰপুথিকে ধৰি কাঠি বানচেং, ফুলবান চেং, হস্তিবিদ্যাৰ্ণৱ পুথিৰ কৰুণ কাহিনী।
এই বাতৰি সম্প্ৰচাৰৰ পিছতেই দেওধাই গাঁওৰ শতায়ু বৰ্ষ গৰকা হৰকান্ত ফুকনৰ বাসগৃহত উপস্থিত হ'ল আমগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল। ছাত্ৰ-ছাত্ৰীসকলে বুৰঞ্জীৰ অনন্য সমল সম্বলিত মন্ত্ৰপুথিকে ধৰি, সাঁচিপতীয়া পুথি, তালপাতৰ পুথি, হস্তীবিদ্যাৰ্ণৱ পুথি, কাঠি বানচেং, বিষৰ মন্ত্ৰ পুথিকে ধৰি সাঁচিপাতৰ পুথি ইত্যাদি অধ্যয়ন কৰে।
উল্লেখ্য যে ঐতিহাসিক সমলেৰে সম্পদশালী আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আজিও অব্যাহত তাই আহোম পৰম্পৰাৰ চানেকি। পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা গাঁওখনত ধোৱাচাংত আৱদ্ধ হৈ আছে আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ মন্ত্ৰপুথিকে ধৰি কাঠি বানচেং, ফুলবান চেং, হস্তিবিদ্যাৰ্ণৱ পুথি। যিবিলাক পুথি দুস্প্ৰাপ্য। ঐতিহাসিক স্বাক্ষৰ বহনকাৰী গাঁওখন কিন্তু আজিও অৱহেলিত, অনাদৃত।
ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বাক্ষৰ বহনকাৰী দেওধাই গাঁওখনত আজিও অব্যাহত আছে পুৰণি ৰীতি-নীতি, পৰম্পৰা। গুৰুত্বপূৰ্ণ যে বুৰঞ্জীৰ অনন্য সমল সম্বলিত মন্ত্ৰপুথিকে ধৰি, সাঁচিপতীয়া পুথি, তালপাতৰ পুথি, হস্তীবিদ্যাৰ্ণৱ পুথি, কাঠি বানচেং, বিষৰ মন্ত্ৰ পুথিকে ধৰি সাঁচিপাতৰ পুথি সংৰক্ষিত হৈ আছে।
গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আজিও পূজা-পাতল কৰি পৰম্পৰাগত ৰীতি-নীতিবিলাক পালন কৰি আহিছে।
বয়োজ্যেষ্ঠ ব্যক্তিসকলে পুথিবিলাক অপায় অমংগল নহবলৈ প্ৰতি বছৰে পুজা পাতল কৰি আহিছে। দেওধাই গাঁওখনৰে অৰ্দ্ধশতাধিক পৰিয়ালৰ গৃহত সংৰক্ষিত অৱস্থাত আছে এই পুথিবিলাক।
পৌৰাণিক ৰীতি অনুসৰি আজিও ঐতিহাসিক পুথি-পাজি বিলাক ধোৱাচাংৰ ওপৰতে বাকচত সংৰক্ষিত অৱস্থাত আছে।
আহোম ৰাজত্বৰ এই ঐতিহাসিক সম্পদবিলাক ধোৱাচাংৰ পৰা উদ্ধাৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ প্ৰয়োজন। এইক্ষেত্ৰত কেন্দ্ৰীয় অথবা ৰাজ্যৰ পুৰাতত্ব বিভাগে সময় থাকোতেই সংৰক্ষণৰ ব্যৱস্থা নকৰিলে ঐতিহাসিক সম্পদবিলাক ধোৱাচাংৰ ওপৰতে আৱদ্ধ হৈ ৰ'ব।
বাইট: ১/ মহাবিদ্যালয়ৰ অধ্যাপক
২/ মহাবিদ্যালয়ৰ অধ্যাপক
আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসম
Conclusion: