শিৱসাগৰ, 13 মাৰ্চ : শিৱসাগৰত দেওবাৰে হেৰিটেজ চাইক্লথনৰ আয়োজন কৰা হয় ৷ কিশোৰ-কিশোৰীৰ পৰা বয়োজ্যেষ্ঠজনে অংশগ্ৰহণ কৰা এই চাইকেল ৰেলী উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহালে । শিৱসাগৰৰ পৰা গড়গাঁও, নাজিৰা, মেজেঙা, নামতি, কালুগাঁও, মগৰাহাট, ৰংঘৰ আৰু জয়সাগৰ হৈ পুনৰ শিৱসাগৰ নগৰত উপস্থিত হয় চাইকেল ৰেলীৰ দলটো ৷
ৰেলীটোৱে শিৱসাগৰৰ মুখ্য পৰ্যটনৰ কেন্দ্ৰসমূহক চুই যোৱাৰ বাবে চাইকেল চলোৱাৰ লগতে এই ঐতিহাসিক ক্ষেত্ৰসমূহ উপভোগ কৰি যায় চাইকেল আৰোহীসকলে ।
উল্লেখ্য যে, বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলীৰ উদ্দেশ্য হৈছে শাৰিৰীক ক্ষমতা বৃদ্ধি কৰাৰ লগতে শিৱসাগৰৰ ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ লগত পৰিচয় কৰা । উল্লেখ্য যে, ঐতিহাসিক শিৱসাগৰ বহু পৰ্যটনৰ সমলেৰে পৰিপূৰ্ণ (Historical Places of Sivasagar) । কিন্তু প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত শিৱসাগৰ পৰ্যটনৰ কেন্দ্ৰ হোৱাৰ পৰা আজিও বঞ্চিত ৷
শাৰিৰীক সক্ষমতা আৰু পৰ্যটনক একত্ৰিত কৰি শিৱসাগৰৰ কেইজনমান যুৱকে আৰম্ভ কৰিছিলে এক প্ৰয়াস । এই প্ৰয়াসৰ নাম আছিল হেৰিটেজ চাইক্লথন । দেওবাৰে পুৱা জিলাখনত দ্বিতীয় বছৰৰ বাবে অনুষ্ঠিত হয় চাইক্লথন । শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লৰ সন্মুখৰ পৰা শ শ চাইকেল প্ৰেমীৰ অংশগ্ৰহণত আৰম্ভ হয় এই চাইক্লথনৰ । স্বাস্থ্যৰ লগতে পৰ্যটনৰ লক্ষ্য লৈ সম্পন্ন হোৱা এই চাইকেল ৰেলীয়ে শিৱসাগৰৰ লগতে অসমত এক গণ সজাগতাৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : অগপক বৰপেটা পৌৰসভা গঠন কৰাৰ বাবে আহ্বান বিজেপিৰ