ETV Bharat / state

সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হোৱা শিৱসাগৰৰ জোৱানৰ অৱস্থা সংকটজনক

১৭জুনত জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শিৱসাগৰ জিলাৰ আমগুৰি খেমদৈ কাকতি গাঁৱৰ প্ৰশান্ত গগৈৰ অৱস্থা সংকটজনক

সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হোৱা শিৱসাগৰৰ জোৱানৰ অৱস্থা সংকটজনক
author img

By

Published : Jun 21, 2019, 2:11 PM IST

আমগুৰি,২১জুন : জন্মু-কাশ্মীৰৰ পুলৱামাত আই ইডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰশান্ত গগৈৰ অৱস্থা সংকটজনক । বৰ্তমান শ্ৰীনগৰৰ ৯২ বেষ্ট হাস্পাতলৰ আই চি ইউত চিকিৎসাধীন হৈ আছে প্ৰশান্ত ।

উল্লেখ্য যে, জন্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে আই ই ডি বিস্ফোৰণ সংঘটিত কৰিছিল । শ্ৰীনগৰৰ পৰা বালাকুটলৈ গৈ থকা অৱস্থাতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল আৰু এই বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শিৱসাগৰ জিলাৰ আমগুৰি খেমদৈ কাকতি গাঁৱৰ প্ৰশান্ত গগৈ । এই বিস্ফোৰণত প্ৰশান্তৰ লগতে ভাৰতীয় সেনাবাহিনীৰ ৪/৪ গোৰ্খা ৰেজিমেন্টৰ ১৮ গৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছিল । আঘাতপ্ৰাপ্ত জোৱানকেইজনৰ ভিতৰত ৯ জন জোৱানৰ অৱস্থা সংকটজনক । বৰ্তমান আঘাতপ্ৰাপ্ত জোৱানকেইজন শ্ৰীনগৰ ৯২ বেষ্ট হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । দেশমাতৃৰ সেৱাৰ বাবে যোৱা প্ৰশান্ত গগৈয়ে ডেৰ মাহৰ চুটিত আহি ১০জুনত ঘৰৰ পৰা কামলৈ গৈছিল । জোৱানজনৰ শীঘ্ৰে আৰোগ্যৰ কামনা কৰিছে এতিয়া অঞ্চলবাসীয়ে ।

Intro:Body:Heavey Injured Assam Soilder Prasanta Gogoi in Janmu and Kasmir.

Samiran Duarah
Amguri
21/6/19

আমগুৰি: ২১ জুন:
অসমৰ জোৱান পুনৰ জন্মু কাশ্মীৰৰ পুলৱামাত আই ইডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত।

শিৱসাগৰ জিলাৰ আমগুৰি খেমদৈ কাকতি গাঁওৰ সেনাবাহিনীৰ জোৱানজনৰ নাম প্ৰশান্ত গগৈ।

ভাৰতীয় সেনাবাহিনীৰ ৪/৪ গোৰ্খা ৰেজিমেন্টৰ জোৱান প্ৰশান্ত গগৈসহ মুঠ ১৮ গৰাকী জোৱান যোৱা বাহনখনত আই ইডি বিস্ফোৰণ কৰিছিল মাওবাদীয়ে।

যোৱা ১৭ জুনত সন্ত্ৰাসবাদীয়ে জন্মু কাশ্মীৰৰ পুলৱামাত আই ইডি বিস্ফোৰণ
সংঘটিত কৰিছিল।

শ্ৰীনগৰৰ পৰা বালাকুটলৈ গৈ থকা অৱস্থাত সংঘটিত আই ইডি বিস্ফোৰণত ৯ জন জোৱান গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল।

গোৰ্খা ৰেজিমেন্টৰ জোৱান প্ৰশান্ত গগৈ শ্ৰীনগৰ ৯২ বেষ্ট হস্পিতেলৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।

২০০৯ চনৰ ২৯ ডিচেম্বৰত ভাৰতীয় সেনাবাহিনীত যোগদান কৰা প্ৰশান্ত গগৈ ডেৰ মাহৰ চুটিত আহি চলিত জুন মাহৰ ১০ তাৰিখে যোগদানৰ বাবে ঘৰৰপৰা গৈছিল। দেশমাতৃক সেৱাৰ বাবে জীৱনকো তুচ্ছ জ্ঞান কৰা প্ৰশান্ত গগৈ সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱাত গাঁওবাসী চিন্তিত হৈ উঠিছে। জোৱানজনৰ শীঘ্ৰে আৰোগ্যৰ কামনা কৰিছে গাঁওবাসীয়ে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.