শিৱসাগৰ,11 অক্টোবৰ : সাধাৰণভাৱে আৰম্ভ হোৱা বাক-বিতণ্ডাৰ পৰিণতিত কেতিয়াবা হতা-হতি অথবা প্ৰচণ্ড মাৰপিট হোৱাৰ ঘটনা আপুনি দেখিছে ৷ যদিও এনে ঘটনা সাধাৰণ নহয় তথাপিও ই উদঙাই দি আহিছে আমাৰ সমাজত বৃদ্ধি পোৱা অসহিষ্ণুতাৰ দিশেটোৰ কথা ৷ শেহতীয়াকৈ, এনে এটা ঘটনাই সংঘটিত হৈছে শিৱসাগৰৰ দিচাংমুখত ৷
বুধবাৰে নিশা দিচাংমুখ জোলাটুপ তিনিআলিত সংঘটিত হোৱা এই সংঘৰ্ষত গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ আহত হয় মুঠ ১২ জনকৈ লোক ৷ আহত লোক সকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
উল্লেখযোগ্য যে, সাধাৰণ এটা বাক-বিতণ্ডাৰ ঘটনাৰ ফলশ্ৰুতিতে লেপাই দীঘল দৰিয়লি আৰু জোলাটুপ গাঁৱৰ দুই ফৈদৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয় ৷ দিচাংমুখ অঞ্চলত পূৰ্বেও এনে সংঘৰ্ষ বহুবাৰ সংঘটিত হৈছে ৷
শেহতীয়াকৈ যোৱা ১৪ এপ্ৰিলত লেপাই আৰু চুমনি গাঁৱৰ দুই ফৈদৰ সংঘৰ্ষত এগৰাকী মহিলাৰ ৰাজহাড় ভাঙি যোৱাৰ ঘটনাও সংঘটিত হৈছিল ৷ ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবেই দিচাংমুখত হোৱা অবৈধ সুৰাৰ ৰমৰমীয়া বেহাৰ বাবেই এনে কাৰ্য বৃদ্ধি পাইছে ৷
প্ৰথমে সাধাৰণ কাজিয়া আৰু পাছত এনে ধৰণৰ ভয়াৱহ সংঘাত বৃদ্ধি পাই আহিছে । আনহাতে, শিৱসাগৰ আৰক্ষী থানাৰ বিষয়া যুগল কিশোৰ কলিতা নিশাই শেহতীয়া ঘটনাটোৰ ঘটনাস্থলীত উপস্থিত হৈ ঘটনা নিয়ন্ত্ৰণ কৰে যদিও অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে ৷
লগতে পঢ়ক : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা