শিৱসাগৰ, 30 ছেপ্টেম্বৰ: ভাৰতীয় ৰে'লত বিগত বৰ্ষত শিৱসাগৰত সংঘটিত যুৱতী ধৰ্ষণ- হত্যা গোচৰত অভিযুক্ত বিকাশ দাসৰ শাস্তি আদালতে ঘোষণা কৰিব অহা ৩ অক্টোবৰ তাৰিখে ৷ ২০১৮ চনৰ ১০ জুলাই তাৰিখে শিৱসাগৰ নগৰৰ এগৰাকী মেধাৱী ছাত্ৰীক ভাৰতীয় ৰেলত নৃশংস ভাৱে হত্যা কৰা হৈছিল । যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে শিৱসাগৰ নগৰ ৰে'ল ষ্টেচনৰ পৰা মোমায়েকৰ ঘৰলৈ যাত্ৰা কৰাৰ সময়ত শিমলুগুৰি ৰেল ষ্টেচন নাপাওঁতেই মাত্ৰ বিশ মিনিটৰ ভিতৰত কোনো নৰপিশাচে ধৰ্ষণ কৰি হত্যা কৰিছিল । পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অনুসন্ধান চলাই ডিব্ৰুগড় আৰু শিৱসাগৰ আৰক্ষীৰ সহযোগত দুই অভিযুক্ত ক্ৰমে বিকাশ দাস আৰু বিপিন পাণ্ডেক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল ।
উক্ত হত্যাকাণ্ডৰ শুনানীৰ অন্তত ২৭ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ঘটনাৰ ৰায়দান কৰিছিল । উক্ত হত্যাকাণ্ডৰ ঘটনাত বিপিন পাণ্ডেক খালাচ কৰাৰ বিপৰীতে মহামান্য আদালতে বিকাশ দাসক দোষী সাৱস্ত্য কৰি ৩০ চেপ্তেম্বৰ অৰ্থাৎআজি তেওঁৰ শাস্তি ঘোষণা কৰাৰ কথা আছিল ।
আজি আদালতত গোচৰীয়া অধিবক্তাই বিকাশ দাসৰ কঠোৰ শাস্তিৰ পোষকতা কৰি শুনানীত ভাগ লয় । অধিবক্তাৰ স্পষ্ট মত, বিকাশ দাসে যি অপৰাধ সংঘটিত কৰিলে সেই অপৰাধ এক অক্ষমণীয় সামাজিক অপৰাধ । ইয়াৰ দ্বাৰা সমাজৰ নিয়ম-শৃংখলা বিঘ্নিত হোৱাৰ লগতে সমাজত নাৰীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । পৰিকল্পিত ভাৱে কৰা এনে অপৰাধৰ বাবে ফাঁচীৰ বাদে আন কোনো শাস্তি পৰ্যাপ্ত নহয় বুলি যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা গৰাকীয়ে । তেওঁ কঠোৰ শাস্তিৰ পোষকতা কৰি অনুৰূপ অপৰাধত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দান আৰু বিকাশ দাসৰ আন এক অনুৰূপ গোচৰত ডিব্ৰুগড় আদালতে প্ৰদান কৰা শাস্তিৰ কথা উল্লেখ কৰে ।শুনানীৰ অন্তত মহামান্য আদালতে অহা ৩ অক্টোবৰ তাৰিখে বিকাশ দাসৰ শাস্তি ঘোষণা কৰাৰ দিন ধাৰ্য কৰিছে ।
আনহাতে গোচৰীয়া অধিবক্তা গৰাকীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষীয়ে পালন কৰা ভূমিকাক সমালোচনা কৰি আৰক্ষীয়ে নিজৰ দায়িত্ব সঠিক ভাৱে পালন নকৰিলে বুলি অভিযোগ উত্থাপন কৰে । সমগ্ৰ বিষয়ত গোচৰীয়া অধিবক্তাই মুখ খুলিব ৩ অক্টোবৰ তাৰিখে ।