ETV Bharat / state

জাতিৰ ঐতিহ্যৰ অলংকাৰেৰে পৰিপূৰ্ণ আহোমৰ ৰাজধানী গড়গাঁও

author img

By

Published : Jul 24, 2020, 9:50 PM IST

Updated : Jul 24, 2020, 10:00 PM IST

শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক গড়গাঁও৷আহোম ৰাজত্বৰ ৬০০ বছৰীয়া শাসনৰ প্ৰায় তিনিশ বছৰ ৰাজধানী আছিল গড়গাঁও।কথিত আছে স্বৰ্গদেউ চুক্লেনমূঙে প্ৰায় ১৯ কিলোমিটাৰ দীঘল আৰু ১৬ কিলোমিটাৰ বহল হেমেনাবাৰী নামৰ ঠাইত চাৰিও দিশে গড় মাৰি,খাৱৈ খন্দাই স্থাপন কৰিছিল ৰাজধানী।চাৰিওফালে গড়মৰাৰ বাবে ইয়াৰ নাম পৰে গড়গাঁও। উল্লেখযোগ্য যে, দ খাৱৈ আৰু বাঁহৰ ঘন গোজমৰা ওখ ওখ গড়বোৰে নগৰ খনক সুৰক্ষাৰ দিশত আন এক মাত্ৰ প্ৰদান কৰিছিল।চুক্লেনমূঙৰ দিনত বাঁহ-কাঠৰ এক অনুপম কাৰেং সজাইছিল যি কাৰেঙৰ বিশদ বিৱৰণ পোৱা যায় চিহাবুদ্দিন তালিছৰ বিৱৰণিত।পাছলৈ অষ্টাদশ শতিকাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে বৰ্তমানৰ পকী কাৰেং।সাত মহলীয়া পকী কাৰেংৰ বৰ্তমান কিয়দংশহে অৱশিষ্ট আছে।

Gargaon, the capital of Ahom, is rich in ornaments of  heritage
জাতিৰ ঐতিহ্যৰ অলংকাৰেৰে পৰিপূৰ্ণ আহোমৰ ৰাজধানী গড়গাঁও

শিৱসাগৰ,24জুলাইঃ ইতিহাসপ্ৰসিদ্ধ গড়গাঁৱৰ কথা কৈ গ'লে ওৰকে নপৰে ৷গড়গাঁৱৰ আছে এক সুকীয়া বৰ্ণনাতীত অতীত ইতিহাস ৷ যি ইতিহাসত জড়িত হৈ আছে প্ৰায় ছশ বছৰীয়া আহোম ৰাজত্বৰ অনেক ৰঙীন স্মৃতি ৷ আহোম ৰাজত্বৰ তৃতীয়খন ৰাজধানী হিচাপে বিশ্ববিদিত,লোককথা,গীত-মাত,গদ্য-পদ্য সকলোতেই যেন সিঁচৰিত হৈ আছে গড়গাঁৱৰ ঐতিহ্যকথা ৷ গড়গাঁও আহোম ৰাজত্বৰ তৃতীয়খন ৰাজধানী।স্বৰ্গদেউ চুক্লেনমূঙে ষোল্লশ খ্ৰীষ্টাব্দত স্থাপন কৰিছিল গড়গাঁও ৰাজধানী।চাৰিও দিশে গড় মাৰি ৰাজধানী স্থাপন কৰাৰ বাবে এইখন ঠাইৰ নাম গড়গাঁও ৰূপে পৰিচিত হয়।স্থাপনৰ পাছৰ পৰা প্ৰায় তিনিশ বছৰ ধৰি স্থায়ী ৰাজধানী ৰূপে পৰিগণিত হৈ অহা গড়গাঁও আহোম ৰাজত্বৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক আছিল।সামৰিক দিশত যেন গড়গাঁও হৈ পৰিছিল উত্তৰ ভাৰতৰ বাবে অজেয়।এনে এক অজেয় শক্তি যাক পৰাভূত কৰিবলৈ সক্ষম নহৈছিল পৰাক্ৰমী মোগল।

গড়গাঁও ৰাজধানী থকা অৱস্থাত আহোম ৰাজত্বৰ ৰাজ্য কলেৱৰ বৃদ্ধি পোৱাৰ লগতে সামৰিক দিশত এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছিল।গড়গাঁও ৰাজধানীৰ কাষতে আছিল দিখৌ নদী।দিখৌৰ পাৰত সেইসময়ত বহু কেইটা নাওশাল আছিল।এই সমূহ নাওশালত নিৰ্মিত হৈছিল উচ্চমানৰ সামৰিক নাও।বৃহৎ বৃহৎ নাও সমূহ দিখৌ নদীয়েদি হৈ ব্ৰহ্মপুত্ৰ নদীলৈ গৈছিল।তাৰ পৰা অতি বেগী সুচল যাত্ৰা হৈছিল গুৱাহাটী লৈ।যুদ্ধৰ আন আন আহিলা নিৰ্মাণো সেই দিনত উন্নত মানৰ আছিল।বৰটোপ নিৰ্মাণত আহোম ৰাজত্বই বিশাৰদ লাভ কৰিছিল।যাৰ বাবে গড়গাঁওৰ পৰা মৰা এটা হয় লৈৰ গুলা বহু কিলোমিটাৰ দূৰৰ দিখৌমুখত পৰা বুলি ইতিহাসে কয়।এনে সময়ত অৰ্থাৎ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মিৰজুমলাৰ নেতৃত্বত মোগল সেনাই গড়গাঁও দখল কৰিছিল যদিও তৎকালীন ভাৱে পৰৱৰ্তী স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনৰ নেতৃত্বত মোগলক সমুলঞ্চে উৎখাত কৰিছিল আহোম সেনাই।গড়গাঁও ৰাজধানী স্থাপনৰ পাছতে সামৰিক দিশত গড়গাঁও এক অজেয় শক্তিত পৰিণত হৈছিল।এই শক্তিৰ প্ৰতিফলন দেখিব পোৱা গৈছিল শৰাইঘাটৰ যুদ্ধত।য'ত মোগল সেনাপতি ৰাম সিংহৰ নেতৃত্বত অহা বিশাল সেনা বাহিনীক পৰাস্ত কৰিছিল আহোম সেনাই।

গড়গাঁও ৰাজধানী থকাৰ সময়ত আহোম সাম্ৰাজ্যবাদৰ লগতে আন আন সকলো দিশত চাপ ৰাখিবলৈ সক্ষম হৈছিল আহোম শাসন।আনহে নালাগে গড়গাঁৱৰ পৰা ৰংপুৰ লৈকে দিখৌ নদীৰ তলেদি এক সুৰুংগ খান্দি সৰ্বোকৃষ্ট কাৰিকৰী কৌশলৰ পৰিচয় দিছিল।জাতিৰ ঐতিহ্যৰ অলংকাৰেৰে আবৃত ইতিহাসে প্ৰতি যুগতেই জাতিৰ গতি-প্ৰগতি, উত্থান-পতন কঢ়িয়াই ৷ইতিহাস পুনৰাবৃত্তি হয় কিন্তু কোনেও সলনি অথবা ধ্বংস কৰিব নোৱাৰে ৷ শৌৰ্য-বীৰ্য-কলা-কৌশলৰ কেন্দ্ৰবিন্দু গড়গাঁও, কাৰেঙে এতিয়াও সোঁৱৰাই আছে আহোম শক্তিৰ কথা আৰু লাচিতৰ গাঁথা ৷

লগতে পঢ়কঃৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

Last Updated : Jul 24, 2020, 10:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.