ETV Bharat / state

শিৱসাগৰত কালিমা সানিছে জাৱৰৰ দ'মে

author img

By

Published : Jul 16, 2021, 10:14 PM IST

ঐতিহ্য ক্ষেত্ৰৰূপত প্ৰতিষ্ঠা হ'ব শিৱসাগৰ ৷ শিৱসাগৰত ঐতিহাসিক সমলৰ লগতে জিলিকিছে জাৱৰৰ দ'ম ৷ শিৱসাগৰ নগৰলৈ পূৱ দুৱাৰেদি আদৰণি জনাই জাৱৰৰ পাহাৰ আৰু উৎকট গোন্ধই ৷ কি কৰিছে শিৱসাগৰ পোৰসভাই ?

garbage-hill-at-sivasagar
শিৱসাগৰত কালিমা সানিছে জাৱৰৰ দ'মে

শিৱসাগৰ,16 জুলাই: ঐতিহাসিক শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে শিৱসাগৰ নগৰৰ পূৱ প্ৰৱেশ পথত দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ বিপৰীত দৃশ্য । নগৰৰ পূৱ প্ৰৱেশ পথৰ এক ডাম্পিং গ্ৰাউণ্ডে যেন নগৰখনৰ ঐতিহ্যত কালিমা হানিছে । এহাতে আহোম যুগৰ সমল আনহাতে নগৰৰ প্ৰৱেশ পথত জাৱৰৰ পাহাৰ ।

শিৱসাগৰত কালিমা সানিছে জাৱৰৰ দ'মে

ঐতিহাসিক শিৱসাগৰ । আহোম যুগৰ ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ শিৱসাগৰ অসমৰ মান আৰু মৰ্যাদাৰ প্ৰতীক। আহোমৰ পুৰণি ৰাজধানী ৰংপুৰ নগৰী তথা বৰ্তমানৰ শিৱসাগৰ পৰ্যটন নগৰীৰূপে গঢ় দিবলৈ বহু দিনৰ পৰা শিৱসাগৰৰ ৰাইজে দাবী উত্থাপন কৰি আহিছে । কিন্তু আহোমৰ ঐতিহ্য, সন্মান, সম্পদ বুকুত লৈ স্মৃতি বহন কৰি ৰখা শিৱসাগৰ যেন আজিও অৱহেলিত । এনে অৱহেলাৰ মাজত শিৱসাগৰৰ নৱ-নিৰ্বাচিত বিধায়ক অখিল গগৈৰ ৰাইজৰ হৈ দাবী আৰু চৰকাৰৰ সদিচ্ছাৰ বাবে শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠাৰ ঘোষণা হৈছে ।

কিন্তু, এনে সময়ত শিৱসাগৰ নগৰলৈ প্ৰৱেশ কৰা ডাম্পিং গ্ৰাউণ্ডে যেন চৰকাৰৰ এনে প্ৰয়াসত কালিমা হানিছে । নগৰখনত প্ৰৱেশ দুৱাৰত পৰ্যটকক নগৰলৈ আদৰণি জনাই এক পাহাৰসম জাৱৰৰ দ'মে । লগতে উশাহ চুটি কৰি দিয়ে ভয়ংকৰ দুৰ্গন্ধই । নগৰৰ দুৱাৰমুখত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জাৱৰৰ এই পাহাৰে ৰংপুৰৰ মৰ্যদা যেন বহু লাঘৱ কৰিছে । দাঁতিকাষৰীয়া লোকে যাপন কৰিবলগা হৈছে এক দুৰ্বিসহ জীৱন ।

শিৱসাগৰ পৌৰসভাৰ এই ডাম্পিং গ্ৰাউণ্ডক লৈ ইতিমধ্যে বহু সমস্যাৰ সন্মুখীন হৈছে শিৱসাগৰৰ ৰাইজ । বহু বছৰ ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এইদৰে দ’ম কৰা হৈছে নগৰৰ জাৱৰসমূহ ৷ বিগত দিনবোৰত বহু দাবী উত্থাপনৰ পাচতো এই স্থানৰ পৰা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰিত কৰিবলৈ সক্ষম নহল শিৱসাগৰ পৌৰসভা । ফলত দিনক দিনে পাহাৰসদৃশ ৰূপ ধাৰণ কৰা শিৱসাগৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নগৰখনৰ প্ৰতি এক ভাবুকিস্বৰূপ হৈ পৰিছে ।

শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ বাবে ইতিমধ্যে নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈয়েও যথেষ্ট সৰৱ হোৱা দেখিবলৈ পোৱা গৈছে ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ পাচতো পৰ্যটকক জাৱৰৰ দ'ম আৰু দুৰ্গন্ধই ঐতিহাসিক শিৱসাগৰলৈ আদৰণি জনাব নেকি ? কি ব্যৱস্থা গ্ৰহণ কৰিব শিৱসাগৰ পৌৰসভা আৰু শিৱসাগৰ জিলা প্ৰশাসনে ? জাবৰৰ দ’ম নেওচি পৰ্যটক আহিব নে শিৱসাগৰলৈ সেয়াও লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:বিশ্বনাথত সান্ধ্য আইন ভংগ কৰাৰ অপৰাধত গেলামালৰ দোকান ছীল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.