ETV Bharat / state

ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন শিৱসাগৰৰ মুক্তি যুঁজাৰু গোলাপ গগৈৰ

author img

By

Published : Dec 27, 2021, 4:49 PM IST

শিৱসাগৰৰ মুক্তি যুঁজাৰু গোলাপ গগৈৰ শেষ নিশ্বাস ত্যাগ (Release fighter Gulap Gogoi passes away)৷ সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল মুক্তি যুঁজাৰুগৰাকীৰ ৷

শিৱসাগৰৰ মুক্তি যুঁজাৰু গোলাপ গগৈৰ দেহাৱসান

শিৱসাগৰ, 27 ডিচেম্বৰ : এসময়ৰ শিৱসাগৰৰ মুক্তি যুঁজাৰু গোলাপ গগৈৰ দেহাৱসান ৷ দেওবাৰে ৮:২০ বজাত বাৰ্দ্ধক্যজনিত কাৰণত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে গোলাপ গগৈয়ে(Release fighter Gulap Gogoi passes away) ৷ উল্লেখ্য যে, শিৱসাগৰ জিলাৰ বানমুখ চুতীয়া গাঁৱৰ নিবাসী আছিল মুক্তি যুঁজাৰু গোলাপ গগৈ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪ বছৰ ।

দেওবাৰে দিনৰ ১১:৩০ বজাত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ল মুক্তি যুঁজাৰুগৰাকীৰ ৷ মুক্তি যুঁজাৰুগৰাকীক সন্মান জনাই আৰক্ষী বাহিনীৰ চালামী প্ৰদান কৰা হয় ৷ প্ৰয়াত গগৈক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁৰ বাসভৱনত উপস্থিত হয় শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল, জিলা আৰক্ষী অধীক্ষক ৰাকেছ ৰৌচন আদিৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া বৰ্গ ।

উল্লেখযোগ্য যে, ব্ৰিটিছৰ বিৰুদ্ধে হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী সেনানী আছিল গগৈ(Release fighter Gulap Gogoi) । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰি প্ৰয়াত গগৈয়ে কাৰাবাস পৰ্যন্ত খাটিব লগা হৈছিল ।

সেয়ে মুক্তি যুঁজাৰু গৰাকীক শেষ বিদায় জনাই শোকত ভাগি পৰে তেওঁৰ পৰিয়ালবৰ্গ তথা আত্মীয় স্বজন ৷ পত্নী ইলা গগৈ, তিনি পুত্ৰ, এগৰাকী জীয়ৰী সহ পৰিয়ালক এৰি এই পৃথিবীৰ পৰা চিৰ বিদায় মাগিলে গগৈয়ে ৷ স্বাধীনতা সংগ্ৰামীৰ পেঞ্চনভোগী গগৈৰ বিয়োগত অসম ৰাজ্যিক মুক্তি যুঁজাৰো সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে । আনহাতে, গগৈৰ মৃত্যুত দেওবাৰে শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়নৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.