আমগুৰি, 13 ডিচেম্বৰ : শিৱসাগৰ জিলাৰ দিখৌমুখত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ (free roaming of rhino at Dikhowmukh) ৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ । বিগত দুটা দিন ধৰি দিখৌমুখৰ ৰঙাজান পথাৰৰ এডৰা ডাঠ বেতনিত আৱদ্ধ হৈ আছে এই গঁড় দুটা । দিখৌমুখ গড়ছিগা ৰঙাজান পথাৰত গৰু মেলিবলৈ যোৱা কেইবাজনো গঞাই প্ৰত্যক্ষ কৰিছিল গঁড় দুটাক ।
জানিব পৰা মতে, কিছুদিন পূৰ্বে গৰু এৰাল দিবলৈ যোৱা দুজন লোক গঁড়ৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে । ৰঙাজান পথাৰৰ ডাঠ বেতনিত গঁড় দুটা আৱদ্ধ হৈ থকাৰ বাবে পথাৰলৈ ধান কাটিবলৈ যোৱাৰ পৰা বিৰত আছে অঞ্চলবাসী । যাৰ বাবে বন বিভাগৰ লোকে অঞ্চলটোত গঁড় বিচাৰি অভিযান আৰম্ভ কৰিছে ৷
বন বিভাগৰ লোকে নিশাৰ এন্ধাৰতো বন্দুকৰ গুলী আৰু ফটকা ফুটুৱাই গঁড় খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে । সোমবাৰৰ ভিতৰত গঁড় দুটা নিৰাপদ স্থানলৈ নিব নোৱাৰিলে, পৰৱৰ্তী সময়ত হাতীৰ সহায় লৈ গঁড় খেদাৰ চেষ্টা চলাব বুলি বন বিভাগৰ লোকে সদৰী কৰে ৷
লগতে পঢ়ক : গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত দুজন বনকৰ্মীক আটক