ETV Bharat / state

Lilakanta Mahanta Passes Away: বিশিষ্ট বৈষ্ণৱ পণ্ডিত লীলাকান্ত মহন্ত আৰু নাই - Boisnav scholar Lilakanta Mahanta no more

পিতৃহাৰা হ'ল অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বৰখাতপাৰ সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ শ্ৰীশ্ৰী লীলাকান্ত মহন্তৰ বিয়োগ । ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বিশিষ্ট শংকৰী সংস্কৃতিৰ সাধকগৰাকীৰ (Lilakanta Mahanta passes away) । মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ ।

Sivasagar
Sivasagar
author img

By

Published : Feb 27, 2023, 12:40 PM IST

Updated : Feb 27, 2023, 3:01 PM IST

প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ পিতৃ বিয়োগ

শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰী : শিৱসাগৰৰ কোঁৱৰপুৰৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বৰখাতপাৰ সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ শ্ৰীশ্ৰী লীলাকান্ত মহন্ত আৰু নাই (Lilakanta Mahanta passes away) । সোমবাৰে পুৱতি নিশা ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শংকৰী সাহিত্য-সংস্কৃতিৰ সাধক লীলাকান্ত মহন্তই । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ (former Satradhikar of Barkhatpar Satra Lilakanta Mahanta) । উল্লেখ্য, বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত গুৰুতৰভাৱে অসুস্থ হৈ আছিল অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পিতৃ শ্ৰীশ্ৰী লীলাকান্ত মহন্ত (retired DGP Bhaskarjyoti Mahanta) ।

কেইসপ্তাহমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত কোঁৱৰপুৰৰ নিজা বাসগৃহলৈ লৈ অনা হৈছিল বৈষ্ণৱ পণ্ডিতগৰাকীক । তাৰ পিছত নিজৰ ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও দেওবাৰে স্বাস্থ্যৰ অধিক অৱনতি হয় (Boisnav scholar Lilakanta Mahanta no more) । পিছত সোমবাৰে পুৱতি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী ডঃ নিৰুপমা মহন্ত, পুত্ৰ ভাস্কৰজ্যোতি মহন্ত, ননীগোপাল মহন্ত, শ্যামকানু মহন্ত. সৌমাৰজ্যোতি মহন্তসহ পাঁচগৰাকী পুত্ৰ আৰু আত্মীয়-স্বজনক এৰি থৈ যায় । উল্লেখ্য যে নিজৰ জীৱনকালত শ্ৰীশ্ৰী লীলাকান্ত মহন্তই দুবাৰকৈ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সভাপতি, দুবাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ উপৰি নিৰলসভাৱে শংকৰী সাহিত্য সংস্কৃতিৰ চৰ্চা কৰি গৈছিল ।

তদুপৰি, তেওঁ ১৪ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি বৈষ্ণৱ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে । 'মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া-কৰ্মৰ বিচাৰ', 'ব্ৰহ্মপুৰাণৰ কাহিনী', 'নামঘোষাৰ মাধুৰ্য', 'ভাগৱত ৰসামৃত' নামৰ গ্ৰন্থ, পাঁচখন নাটক, দুখন শিশুনাট ৰচনা কৰি গৈছে । আনহাতে, ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ ভাগৱত পুৰাণ আদিৰ পৰা সাঁচিপতীয়া পুথিৰ আকৰতো লিখিছিল কেইবাখনো গ্ৰন্থ । এইগৰাকী বৈষ্ণৱ পণ্ডিতৰ মৃত্যুত কোঁৱৰপুৰ অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰতে শোকৰ ছাঁ পৰিছে ।

উল্লেখ্য যে ১৯৭০ চনতেই লীলাকান্ত মহন্তই এটা সাংস্কৃতিক দল লগত লৈ দিল্লীৰ বৃন্দাবনত গৈ ভাওনা প্ৰদৰ্শন কৰিছিল । আনহাতে, ২০১০ চনত বাংগালুৰুৰ ৰবি শংকৰ আশ্ৰমত বক্তৃতা প্ৰদান কৰিছিল লীলাকান্ত মহন্তই । ইয়াৰ উপৰি ২০০৫ চনত মুম্বাইৰ সন্যাস আশ্ৰমত অনুষ্ঠিত ভাৰতৰ আচাৰ্য সন্মিলনত অংশ লৈ হিন্দু ধৰ্মৰ ৰক্ষণাবেক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰিছিল ।

উল্লেখ্য যে তেওঁৰ চিন্তাৰ ফচল স্বৰূপ হৈছে সেতু বন্ধন ভাওনা সমাৰোহ । এই ভাওনা সমাৰোহৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীয় ভাষাত ভাওনা প্ৰদৰ্শন কৰা হৈছিল । বিগত কিছু দিন ধৰি এইগৰাকী বৈষ্ণৱ পণ্ডিতৰ অসুস্থতাই তেওঁৰ গুণগ্ৰাহীসকলক চিন্তিত কৰি ৰাখিছিল । আনহাতে, চিকিৎসালয়ত থকাৰ সময়তো তেওঁ ভাগৱত চৰ্চা, ভাগৱত শ্ৰৱণ, ভাগৱত পাঠ অব্যাহত ৰাখিছিল ।

উল্লেখ্য যে লীলাকান্ত মহন্তৰ জ্যেষ্ঠ পুত্ৰ ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছে । তেওঁৰ আন এগৰাকী পুত্ৰ অভিযন্তা অমৰজ্যোতি মহন্ত বৰ্তমান ব্যৱসায়িকভাৱে সুপ্ৰতিষ্ঠিত । ইফালে তেওঁৰ তৃতীয় পুত্ৰ সৌমাৰজ্যোতি মহন্ত হৈছে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ । আনহাতে, তেওঁৰ চতুৰ্থ পুত্ৰ ননীগোপাল মহন্ত বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা উপদেষ্টা আৰু কনিষ্ঠ পুত্ৰ শ্যামকানু মহন্ত হৈছে ৰাজ্যৰ ধদ্যমিত জগতখনৰ এক উল্লেখয়োগ্য ব্যক্তি ।

শ্ৰীশ্ৰী লীলাকান্ত মহন্তৰ বিয়োগত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma condoles of Lilakanta Mahanta) । টুইটাৰত এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে লিখিছে, "শিৱসাগৰৰ শ্ৰীশ্ৰী বৰখাতপাৰ সত্ৰৰ পৰম পূজনীয় সত্ৰাধিকাৰ লীলাকান্ত মহন্ত প্ৰভুৰ প্ৰয়াণৰ বাতৰিয়ে ব্যথিত কৰিলে ৷ বিশিষ্ট বৈষ্ণৱ পণ্ডিত মহন্ত ডাঙৰীয়াৰ প্ৰয়াণ অসমৰ সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি ৷ তেখেতৰ অতনু আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাই পৰিয়াললৈ সমবেদনা জনালোঁ ৷"

লগতে পঢ়ক :AIUDF chief visits fire victims in Hatigaon: সাহায্য ঘোষণা কৰিবলৈ গৈ জনৰোষত সাংসদ আজমল

Last Updated : Feb 27, 2023, 3:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.