আমগুৰি,২১ মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্ধাৰ হৈছে অবৈধ ধন আৰু বিলাতী সুৰা ৷ শনিবাৰে নিশা আমগুৰি সমষ্টিৰ দিখৌমুখত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰত উদ্ধাৰ হয় 3 টাকৈ বিলাতী সুৰাৰ কাৰ্টনসহ 72 টাকৈ সুৰাৰ বটল ৷ শিৱসাগৰ জিলা উপায়ুক্ত তথা নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াৰ নিৰ্দেশত ফ্লায়িং স্কোৱাডৰ এটা দলে অভিযান চলাই শিক্ষক গৰাকীৰ ঘৰৰ পৰা জব্দ কৰে সুৰাৰ বটলসমূহ ৷
উল্লেখ্য যে, আৰক্ষীয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে যদিও একাংশ ৰাজনৈতিক নেতাই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ উদ্দেশ্যৰে সৰবৰাহ কৰি আছে বৃহৎ বৃহৎ পৰিমাণৰ সুৰা ৷ সম্প্ৰতি জব্দ হোৱা সুৰাৰ কাৰ্টনসহ বটলসমূহ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ৷